ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

October 27, 2024 7:49 PM | esic

printer

আগষ্ট মাহত কৰ্মচাৰীৰ ৰাজ্যিক বীমা আঁচনিৰ অধীনত দেশৰ ২০ লাখ ৭৪ হাজাৰৰো অধিক নতুন কৰ্মচাৰী অন্তৰ্ভুক্ত

চলিত বৰ্ষৰ আগষ্ট মাহত কৰ্মচাৰীৰ ৰাজ্যিক বীমা আঁচনিৰ অধীনত দেশৰ ২০ লাখ ৭৪ হাজাৰৰো অধিক নতুন কৰ্মচাৰী অন্তৰ্ভুক্ত হৈছে। যোৱা বৰ্ষৰ তুলনাত নতুন কৰ্মচাৰী অন্তৰ্ভুক্তিৰ হাৰ ৬.৮ শতাংশ বৃদ্ধি পাইছে। নতুনকৈ অন্তৰ্ভুক্ত হোৱা কৰ্মচাৰীসকলৰ ভিতৰত প্ৰায় ৯ লাখ ৯০ হাজাৰ কৰ্মচাৰীৰ বয়স সৰ্বাধিক ২৫ বছৰ। আগষ্ট মাহত ৪ লাখ ১৪ হাজাৰ মহিলাৰ নাম ৰাজ্যিক বীমা আঁচনিৰ অধীনত অন্তৰ্ভুক্ত কৰা হৈছে। শ্ৰম আৰু নিয়োগ মন্ত্ৰ্যালয়ৰ প্ৰকাশিত তথ্য অনুসৰি আগষ্ট মাহত ২৮,৯১৭টা নতুন প্রতিষ্ঠান এই আঁচনিৰ অন্তৰ্ভুক্ত কৰা হৈছে।