আগশাৰীৰ অর্থনীতিবিদ আৰু বিশেষজ্ঞসকলৰ সৈতে নীটি আয়োগৰ বৈঠকত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অংশগ্ৰহণ কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি আগশাৰীৰ অর্থনীতিবিদ আৰু বিশেষজ্ঞৰ সৈতে নীটি আয়োগৰ এখন বৈঠকত মিলিত হ’ব। বিত্তমন্ত্রী নির্মলা সীতাৰমণেও বিস্তৃত অর্থনৈতিক বিষয়ত গুৰুত্ব দিয়াৰ সম্ভাৱনা থকা এই বৈঠকত অংশগ্ৰহণ কৰিব। এই বৈঠকখনে দেশৰ বৰ্তমানৰ অৰ্থনৈতিক পৰিস্থিতি আৰু ভৱিষ্যতৰ অগ্ৰাধিকাৰ সন্দৰ্ভত বিশেষজ্ঞসকলৰ মতামত আৰু মূল্যায়ন ভাগ-বতৰা কৰাৰ মঞ্চ হিচাপে কাম কৰাৰ সম্ভাৱনা আছে। শ্রীমোদীয়ে বৈঠকত সমাগত কেন্দ্রীয় বাজেট সন্দৰ্ভত অর্থনীতিবিদসকলৰ পৰামৰ্শ আৰু দৃষ্টিভংগী গ্ৰহণ কৰিব বুলি আশা কৰা হৈছে। অর্থনৈতিক উন্নয়ন শক্তিশালী কৰা আৰু এইক্ষেত্ৰত থকা প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰিবলৈ অধিক সংস্কাৰৰ প্রয়োজন হ’ব পৰা ক্ষেত্ৰসমূহো এই বৈঠকৰ আলোচনাই সামৰি লোৱাৰ সম্ভাৱনা আছে। উন্নয়নৰ সম্ভাৱনা, বিত্তীয় ব্যৱস্থাপনা আৰু দীৰ্ঘম্যাদী উন্নয়ন বজাই ৰাখিবলৈ প্রয়োজনীয় গাঁথনিগত ব্যৱস্থা সন্দৰ্ভত বিশেষজ্ঞসকলে নিজৰ মতামত দাঙি ধৰাৰ সম্ভাৱনা আছে। চৰকাৰে পৰৱৰ্তী পৰ্যায়ৰ অৰ্থনৈতিক পৰিকল্পনাৰ বাবে প্ৰস্তুতি চলোৱাৰ লগে লগে নিটি আয়োগত এই পাৰস্পৰিক আলোচনাই সঠিক অন্তর্দৃষ্টি প্ৰদান কৰিব বুলি আশা কৰা হৈছে।