আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ অংশ হিচাপে ৰাজ্যজুৰি আৰম্ভ বিজেপিৰ দেৱাল লিখন কাৰ্যসূচীত

আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ অংশ হিচাপে ৰাজ্যজুৰি আজি আৰম্ভ হোৱা বিজেপিৰ দেৱাল লিখন কাৰ্যসূচীত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু দলৰ ৰাজ্যিক সভাপতি দিলীপ শ‍ইকীয়াই খানাপাৰাত শুভাৰম্ভ কৰে। দেৱাল লিখন সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে দেৱালৰ গৰাকীৰ অনুমতি সাপেক্ষেহে দলৰ চিহ্ন অংকণ কৰা হ’ব। ইয়াৰ ফলত গণ-সংযোগৰ মাধ্যমেৰে প্ৰচাৰ অভিযান চলাব পৰা যাব বুলি তেওঁ আশা প্ৰকাশ কৰে।

গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধিয়ে জালুকবাৰী সমষ্টিৰ বৰাগাঁৱত দলীয় বিষয়ববীয়া আৰু কাৰ্যকৰ্তাসকলৰ উপস্থিতিত এই দেৱাল লিখন কাৰ্যসূচীত অংশগ্ৰহণ কৰে। এই কাৰ্যসূচীত সাংসদগৰাকীয়ে দলৰ প্ৰতীক চিহ্ন পদুম ফুলৰ ছবি অংকন কৰে।
ডিব্ৰুগড়ত কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে দলীয় প্রতীক চিহ্ন দেৱালত অংকণ কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত বিভিন্ন স্তৰৰ দলীয় বিষয়ববীয়াসকল উপস্থিত থাকে। কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে অনুষ্ঠানত অংশগ্ৰহণ কৰি কয়, যে বিজেপি দলৰ প্ৰতি গৰাকী কৰ্মী সেৱা আৰু সমৰ্পণৰ প্ৰতি দায়ৱদ্ধ।
শোণিতপুৰত বিধায়ক পদ্ম হাজৰিকা আৰু গণেশ লিম্বুৰ নেতৃত্বত এই কাৰ্যসূচী আৰম্ভ হয়। ন-দুৱাৰত বিধায়ক পদ্ম হাজৰিকাই বিজেপিৰ মণ্ডল মুখ্য কাৰ্যালয়ত উপস্থিত থাকি দলীয় কৰ্মীসকলৰ সৈতে দেৱাল লিখন কাৰ্যসূচীত অংশ লয়। বছলা সমষ্টিৰ ঠেলামৰাত বিধায়ক গণেশ লিম্বুৱে নিজ হাতে দেৱালত দলীয় প্রতীক পদুম ফুল অংকন কৰি অভিযানৰ সূচনা কৰে।
বিজেপি দলে ঢকুৱাখনা জিলা কাৰ্য্যালয়ৰ লগতে ঢকুৱাখনা মণ্ডলৰ অন্তৰ্গত শিঙিয়া পঞ্চায়তত সুৰক্ষিত অসমৰ সংকল্পৰে দেৱাল লিখন কাৰ্য্যসূচী ঢকুৱাখনা সমষ্টিৰ বিধায়ক নৱ কুমাৰ দলেৰ লগতে জিলা সভাপতি স্বৰূপ কোঁৱৰ প্ৰমুখ্যে দলটোৰ কেইবাজনো বিষয়-ববীয়া তথা কর্মী উপস্থিত থাকে।
শ্রীভূমি জিলাৰ পাথাৰকান্দি বিধানসভা সমষ্টিৰ অন্তৰ্গত বিজেপিৰ পাথাৰকান্দি মণ্ডলত বিধায়ক কৃষ্ণেন্দু পালে দলীয় প্রতীক চিহ্ন অংকণ কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত বিভিন্ন স্তৰৰ দলীয় বিষয়ববীয়াসকল উপস্থিত থাকে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।