ডাউনলোড
মোবাইল এপ

android apple
signal

আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে শাসনাধিস্থিত বিজেপিকে ধৰি ৰাজনৈতিক দলসমূহৰ প্ৰস্তুতি আৰম্ভ

অহা বছৰ ৰাজ্যখনত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ বাবে শাসনাধিস্থিত বিজেপিকে ধৰি ৰাজনৈতিক দলসমূহে প্ৰস্তুতি আৰম্ভ কৰিছে। গোলাঘাটত আজি এই প্ৰস্তুতিৰ অংশ হিচাপে জিলা বিজেপিৰ এখন কার্যনির্বাহক সভা অনুষ্ঠিত হয়। এই সভাত মন্ত্ৰী অজন্তা নেওগ, সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ উপৰি দলৰ বহু বিষয়ববীয়া আৰু কাৰ্যকৰ্তাই অংশগ্ৰহণ কৰে। এই সভাত তৃণমূল পৰ্যায়ৰ পৰা প্ৰতিটো সমস্যাৰ বুজ লবলৈ দলীয় কর্মকৰ্তাসকলক মন্ত্রী শ্রীমতী নেওগে আহ্বান জনায়। ইপিনে, কংগ্ৰেছ দলৰ নৱ নিযুক্ত ৰাজ্যিক সভাপতি গৌৰৱ গগৈয়ে আজি শিৱসাগৰত এলানি দলীয় কার্যসূচীত অংশগ্ৰহণ কৰি দলটোৰ প্ৰস্তুতি আৰু ৰণনীতি সন্দৰ্ভত প্ৰকাশ কৰে। জিলাখনৰ নেতা কৰ্মীসকলে শ্ৰীগগৈক জিলাখনত আদৰণি জনায়। বিৰোধী দলৰ ৰাজ্যিক সভাপতিগৰাকীয়ে ৰাইজৰ সহযোগিতাৰে দলটোক নিৰ্বাচনৰ বাবে সাজু হ’ব বুলি মন্তব্য কৰে।

অধিক পঢ়ক

সকলো চাওক