ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

আগন্তুক দুদিনলৈ বৰষুণৰ সম্ভাৱনা ব্যক্ত কৰি সতৰ্কতা বতৰ বিজ্ঞান কেন্দ্ৰৰ

■ ধাৰাসাৰ বৰষুণে একেৰাহে দুদিন ধৰি গুৱাহাটী জলমগ্ন কৰি ৰখাৰ সময়তে বতৰ বিজ্ঞান কেন্দ্ৰই অহা দুদিনলৈ বৰষুণৰ সম্ভাৱনা ব্যক্ত কৰি সতৰ্কতা জাৰি কৰিছে। বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যৰ ১৩ খন জিলাত বিজুলী-ঢেৰেকনিৰে ধাৰাসাৰ আৰু অতি ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনালৈ চাই য়েল্ল’ এলাৰ্ট জাৰি কৰিছে। কোকৰাঝাৰ, বঙাইগাঁও, বৰপেটা, কামৰূপ মহানগৰ, কামৰূপ, মৰিগাঁও, নগাঁও, লখিমপুৰ, ধেমাজি, শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়া আৰু চৰাইদেউ জিলাত ঘণ্টাত ২-৩ ছেণ্টিমিটাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে। জৰুৰীকালীন পৰিস্থিতিৰ বাবে প্ৰশাসনে জিলাভিত্তিক নিয়ন্ত্রণ কক্ষ টোলফ্ৰী নম্বৰ ঘোষণা কৰিছে। বিপদৰ সময়ত জনসাধাৰণক জিলা পৰ্যায়ত ১০৭৭ আৰু ৰাজ্যিক পৰ্যায়ত ১০৭০ অথবা ১০৭৯ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হৈছে।
ইপিনে, বতৰ বিজ্ঞান বিভাগে আজি গুৱাহাটী মহানগৰীৰ ঠাইবিশেষে বিজুলী-ঢেৰেকনিৰে ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি আগলি বতৰা দিছে। সম্ভাৱ্য পৰিস্থিতিলৈ চাই ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে গুৱাহাটীৰ জনসাধাৰণক প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰু সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে। দৈনিক অহা-যোৱা কৰা আৰু দূৰণিবটীয়া যাত্ৰীসকলক বৰষুণৰ সময়ছোৱাত অনাৱশ্যকীয় যাত্ৰা এৰাই চলিবলৈ কোৱা হৈছে। দ’ এলেকা আৰু পাহাৰৰ কাষৰীয়া অঞ্চলত বাস কৰা লোকক সম্ভাৱ্য পৰিস্থিতিৰ প্ৰতি সজাগ হৈ থাকিবলৈ সকিয়াই দিয়া হৈছে। ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জনসাধাৰণক সময়ে সময়ে পৰিস্থিতিৰ বিষয়ে অৱগত কৰিব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।