ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

আগন্তুক উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ বাবে অনলাইন প্ৰ-পত্ৰ পূৰণৰ প্ৰক্ৰিয়া আৰম্ভ

● অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে অহা বছৰৰ ফেব্ৰুবাৰী-মাৰ্চত হ’বলগা উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত অৱতীৰ্ণ হ’বলগা শিক্ষাৰ্থীসকলৰ বাবে আজি অনলাইন প্ৰ-পত্ৰ পূৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব। ২০ নৱেম্বৰত এই অনলাইন প্ৰক্ৰিয়াৰ অন্ত পৰিব। এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ বাবে অফলাইন প্ৰ-পত্ৰ পূৰণৰ ব্যৱস্থা নাথাকিব বুলি অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে এটা নিৰ্দেশযোগে জানিবলৈ দিছে। নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত সকলো ছাত্ৰ-ছাত্ৰীৰ প্ৰ-পত্ৰ পূৰণ প্ৰক্ৰিয়া নিশ্চিত কৰাৰ বাবে প্ৰতিখন শিক্ষানুষ্ঠানৰ মুৰব্বীক নিৰ্দেশ দিয়া হৈছে। ছাত্ৰ-ছাত্ৰীসকলে পৰীক্ষাৰ বাবে নিৰ্ধাৰিত মাছুল আদায় দিব লাগিব যদিও পিতৃ-মাতৃৰ বছৰেকীয়া উপার্জন ২ লাখ টকা বা তাতোকৈ কম আয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ পৰীক্ষাৰ মাছুল চৰকাৰী নীতি অনুসৰি ৰেহাই দিয়া হ’ব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।