প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা- ডি আৰ ডি অ’ই পৰৱৰ্তী প্ৰজন্মৰ আকাশ ক্ষেপণাস্ত্র ব্যৱস্থা বা আকাশ NGৰ ব্যৱহাৰকাৰী মূল্যায়ন সম্পৰীক্ষা সফলতাৰে সম্পূৰ্ণ কৰিছে। প্ৰতিৰক্ষা মন্ত্রালয়ে এটা বিবৃতিত জনাইছে যে, পৰীক্ষাৰ সময়ত এই ক্ষেপণাস্ত্ৰসমূহে সীমাৰ সমীপৰ -কম উচ্চতাৰ আৰু দীৰ্ঘ দূৰত্বৰ, উচ্চ উচ্চতাকে ধৰি বিভিন্ন ৰেঞ্জ আৰু উচ্চতাৰ লক্ষ্যক আঘাত কৰাত সফল হয়। আকাশ-মাৰ্গৰ বিভিন্ন ধৰণৰ ভাবুকিৰ বিৰুদ্ধে বায়ু প্ৰতিৰক্ষা নিশ্চিত কৰাৰ বাবে আকাশ-NG এটা শক্তিশালী ব্যৱস্থা। ইয়াত থলুৱা ৰেডিঅ’ তৰংগ-ভিত্তিক লক্ষ্য অনুসন্ধান প্ৰণালী সংযুক্ত থকাৰ লগতে ই ৰকেট মটৰদ্বাৰা পৰিচালিত।
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আকাশ-NGৰ ব্যৱহাৰকাৰী মূল্যায়ন সম্পৰীক্ষা সফলতাৰে সম্পূৰ্ণ কৰাৰ বাবে ডি আৰ ডি অ’, ভাৰতীয় বায়ুসেনা আৰু উদ্যোগক প্ৰশংসা কৰি এই অত্যাধুনিক ক্ষেপণাস্ত্ৰ ব্যৱস্থাই ভৰতীয় বায়ু সেনাৰ প্ৰতিৰক্ষা ক্ষমতা অধিক শক্তিশালী কৰিব বুলি মন্তব্য কৰিছে।
Site Admin | December 24, 2025 10:19 AM | DRDO
আকাশ NGৰ ব্যৱহাৰকাৰী মূল্যায়ন সম্পৰীক্ষা সফলতাৰে সম্পূৰ্ণ ডি আৰ ডি অ’ৰ