ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

May 29, 2024 7:40 PM | DRDO

printer

আকাশ মাৰ্গৰ পৰা ভূপৃষ্ঠলৈ নিক্ষেপ কৰিব পৰা ৰুদ্ৰ-M2 ক্ষেপনাস্ত্ৰৰ সফল পৰীক্ষণ সম্পন্ন

প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংস্থা-ডিআৰডিঅ’ই আজি উড়িশাৰ ভাৰতীয় বায়ু সেনাৰ এছ ইউ-থাৰটি এম কে ওৱান মঞ্চৰ পৰা আকাশ মাৰ্গৰ পৰা ভূপৃষ্ঠলৈ নিক্ষেপ কৰিব পৰা ৰুদ্ৰ এম টু ক্ষেপনাস্ত্ৰৰ পৰীক্ষা সফলতাৰে সম্পন্ন কৰে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে পৰীক্ষণৰ সকলো উদ্দেশ্যে পূৰ্ণ হোৱা বুলি প্ৰকাশ কৰিছে। ৰুদ্ৰ-এম টু থলুৱাভাৱে বিকশাই তোলা ক্ষেপনাস্ত্র প্রণালী। ডি আৰ ডি অ’ৰ বিভিন্ন পৰীক্ষাগাৰত বিকশাই তোলা ভালেসংখ্যক অত্যাধুনিক প্রযুক্তি এই ক্ষেপনাস্ত্র প্রণালীত প্ৰয়োগ কৰা হৈছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৰন্দ্ৰ-এম টুৰ সফল পৰীক্ষণৰ বাবে ডি আৰ ডি অ’, ভাৰতীয় বায়ু সেনা বাহিনী আৰু প্ৰতিৰক্ষা উদ্যোগৰ সৈতে জড়িত লোকসকলক অভিনন্দন জনাইছে। তেওঁ কয় যে এই সফল পৰীক্ষণে ভাৰতীয় বায়ু সেনাৰ সামৰ্থ বৃদ্ধি কৰিব। ডি আৰ ডি অ’ৰ অধ্যক্ষ ড০ সমীৰ ভি কামাটে পৰীক্ষণ সফল কৰি তোলাৰ বাবে চলোৱা প্ৰয়াস আৰু এই ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে পৰীক্ষণৰ সৈতে জড়িত ডি আৰ ডি অ’ৰ দলটোৰ শলাগ লৈছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।