আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগ কৰ্মচাৰীৰ সহযোগত ১৭ জানুৱাৰীৰ শিল্পী দিৱসৰ বিশেষ আয়োজন

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যুৰ দিন ১৭ জানুৱাৰীৰ শিল্পী দিৱসৰ দিনটো বিশেষভাবে আয়োজন কৰিছে। সেইদিনা নিশা ৮ বাজি ২ মিনিটৰ পৰা বাতৰি বিভাগৰ বাতৰি পঢ়োতা, বাতৰি সম্পাদক, ডিটিপি কর্মচাৰী আৰু সহায়কসকলে জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীত, কবিতা আৰু নাটকৰ সংলাপ পৰিৱেশন কৰিব। এই অনুষ্ঠান আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ মহাবাহু শাখাৰ লগতে বাতৰি বিভাগৰ ফেচবুক পেজ আৰু ইউটিউব চেনেলযোগে পোনপটীয়াকৈ প্ৰচাৰ কৰা হ’ব। ফেচবুক আৰু ইউটিউবত অনুষ্ঠানটো বিৰতিবিহীনভাবে প্রচাৰিত হ’ব। অনুষ্ঠানটোৰ নিৰ্বাচিত অংশ ১৮ জানুৱাৰী দেওবাৰে সন্ধিয়া ৭ বাজি ৪৫ মিনিটত মহাবাহু চেনেলযোগে প্ৰচাৰ কৰা হ’ব। এই অনুষ্ঠানটোৰ পৰিকল্পনা আৰু পৰিচালনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীব লোচন বৰঠাকুৰৰ।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।