আকাশবাণী গুৱাহাটী কেন্দ্ৰই আজি ৭৮ বছৰত ভৰি দিছে। এই উপলক্ষে আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে আজি পুৱা বিভাগটোৰ লবীত কেইবাগৰাকীও প্রয়াত সহকৰ্মীৰ পৰিয়ালে আগবঢ়োৱা আলোকচিত্র আনুষ্ঠানিকভাৱে অনাবৰণ কৰা হয়। অষ্টসপ্ততিতম প্রতিষ্ঠা দিৱস উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই আজি গুৱাহাটীৰ উজানবজাৰৰ বিবেকানন্দ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত এটা অন্তৰংগ অনুষ্ঠানৰ আয়োজন কৰা হয়।
প্ৰতিষ্ঠা দিৱস উপলক্ষে সন্ধিয়া চাৰে ৬ বজাৰ পৰা ৰঙিয়াৰ হৰদত্ত-বীৰদত্ত ভৱনত ‘ওপজা দিনৰ সুবাস’ শীৰ্ষক সংগীতানুষ্ঠান আৰম্ভ হৈছে। অনুষ্ঠানত বিশিষ্ট সংগীত শিল্পী দিলীপ দাসৰ গীত আৰু আলাপ, ডম্বৰুধৰ পাঠক আৰু জবা দাসৰ লোকগীত, উৎপল বৰাৰ মেন্দোলিন বাদন আৰু ৰঙিয়াৰ সমন্বয়ী কলাকেন্দ্ৰৰ শিল্পীসকলৰ নৃত্যানুষ্ঠান পৰিৱেশন কৰা হ’ব। প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি আজি আকাশবাণী গুৱাহাটীৰ প্ৰাচীৰ পত্ৰিকা আকাশী স্পন্দনৰ ষষ্ঠ বৰ্ষৰ একাদশ সংখ্যা আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। আকাশী স্পন্দনৰ এইবাৰৰ সংখ্যা গণশিল্পী দিলীপ শৰ্মাৰ জন্ম শতবৰ্ষ বিশেষ সংখ্যাৰূপে প্ৰকাশ কৰা হয়। আকাশবাণী গুৱাহাটীৰ কথাশিল্প অনুষ্ঠানত প্ৰচাৰ কৰা ড০ ৰুবুল মাউটৰ মোৰো এটা সপোন আছে গ্ৰন্থখনৰ ধাৰাবাহিক পাঠৰ শীৰ্ষ গীত দুটিৰ লিৰিকেল ভিডিঅ’ আজি মুকলি কৰা হয়। বিশিষ্ট গীতিকাৰ কীৰ্তি কমল ভূঞা আৰু আকাশবাণীৰ অৱসৰপ্ৰাপ্ত সঞ্চালক অৱনী ৰঞ্জন পাঠকে মুকলি কৰা এই গীতৰ কথা ইউৰেকা কাকতি আৰু গহনা চক্ৰৱৰ্তীৰ আৰু সুৰ বৰষা বৰাৰ। সুকন্যা কাশ্যপ মহন্ত আৰু বৰষা বৰাই কণ্ঠ নিগৰোৱা গীত দুটিৰ সংগীত মনদীপ মহন্ত আৰু হিৰকজ্যোতি নাথৰ। ডিজিটেল আৰ্ট শংকৰ ভৰালীৰ। এনিমেশ্যন, এডিটিং উদ্দীপ্ত ভট্টাচাৰ্যৰ আৰু প্ৰযোজনা কৰিছে ইন্দ্ৰজিৎ দাসে।
আজিৰ পৰা আকাশবাণী গুৱাহাটী কেন্দ্ৰই ৱিৱিধ ভাৰতী শাখাত অসমীয়া অনুষ্ঠানৰ প্ৰচাৰ পুনৰ আৰম্ভ কৰিছে। শ্রোতাসকলে ১০০ দশমিক ৮ মেগাহার্টজত এই শাখাৰ অনুষ্ঠানসমূহ শুনিব পাৰিব। ইয়াৰ উপৰিও আজিৰ পৰা আকাশবাণী গুৱাহাটী কেন্দ্ৰই সাদিনীয়া নাট মহোৎসৱৰ আয়োজন কৰিছে। নাট শৃংখলাত আজি সূৰ্যৰ পৰিচালনাত ড° ভৱেন্দ্ৰ নাথ শইকীয়াৰ ৰাৱন শীৰ্ষক নাটকখন প্ৰচাৰ কৰিব। আকাশবাণী গুৱাহাটী কেন্দ্ৰই আজি ৰঙিয়াৰ হৰদত্ত-বীৰদত্ত ভৱনত আয়োজন কৰা ওপজা দিনৰ সুবাস অনুষ্ঠানটো ইয়াৰ মহাবাহু শাখাত পোনপটীয়াকৈ প্ৰচাৰ কৰা হৈছে ।
মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত আকাশবাণী গুৱাহাটীৰ প্ৰতিষ্ঠাৰ সৈতে জড়িত স্বনামধন্য ব্যক্তিসকললৈ শ্ৰদ্ধা জ্ঞাপন কৰাৰ লগতে অনুষ্ঠানটোৰ প্ৰতিগৰাকী কৰ্মকৰ্তা তথা শ্রোতালৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত তেওঁ আকাশবাণী গুৱাহাটী বুলিলেই বহু নষ্টালজিয়া ভাহি আহে বুলি অৱগত কৰিছে। আকাশবাণী গুৱাহাটী এটা আৱেগৰ নাম বুলি উল্লেখ কৰি ড০ শৰ্মাই শৈশৱ আৰু কৈশোৰৰ বহু স্মৃতি জড়িত হৈ আছে বুলি প্ৰকাশ কৰে।
Site Admin | July 1, 2025 8:07 PM | Radio Day
আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ প্ৰতিষ্ঠা দিৱস হিচাপে ‘ওপজা দিনৰ সুবাস’ শীৰ্ষক সংগীতানুষ্ঠানৰ আয়োজন