আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ ৭৭ বছৰ সম্পূৰ্ণ

আকাশবাণী গুৱাহাটী কেন্দ্ৰই আজি ৭৮ বছৰত ভৰি দিছে। এই উপলক্ষে আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে আজি পুৱা বিভাগটোৰ লবীত কেইবাগৰাকীও প্রয়াত সহকৰ্মীৰ আলোকচিত্ৰ স্থাপন কৰা হয়। প্রয়াত সহকৰ্মী কেইগৰাকীৰ পৰিয়ালে আগবঢ়োৱা এই আলোকচিত্ৰকেইখন আজি আনুষ্ঠানিকভাৱে অনাবৰণ কৰা হয়৷ অষ্টসপ্ততিতম প্রতিষ্ঠা দিৱস উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই আজি গুৱাহাটীৰ উজানবজাৰৰ বিবেকানন্দ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত এটা অন্তৰংগ অনুষ্ঠানৰ আয়োজন কৰিছে।
প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি সন্ধিয়া চাৰে ৬ বজাত আকাশবাণী গুৱাহাটী কেন্দ্ৰই ৰঙিয়াৰ হৰদত্ত-বীৰদত্ত ভৱনত ‘ওপজা দিনৰ সুবাস’ শীৰ্ষক এটা সংগীতানুষ্ঠানৰ আয়োজন কৰিছে। অনুষ্ঠানত বিশিষ্ট সংগীত শিল্পী দিলীপ দাসৰ গীত আৰু আলাপ, ডম্বৰুধৰ পাঠক আৰু জবা দাসৰ লোকগীত, উৎপল বৰাৰ মেন্দোলিন বাদন আৰু ৰঙিয়াৰ সমন্বয়ী কলাকেন্দ্ৰৰ শিল্পীসকলৰ নৃত্যানুষ্ঠান পৰিৱেশন কৰা হ’ব। প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি আজি আকাশবাণী গুৱাহাটীৰ প্ৰাচীৰ পত্ৰিকা আকাশী স্পন্দনৰ ষষ্ঠ বৰ্ষৰ একাদশ সংখ্যা আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। আকাশী স্পন্দনৰ এইবাৰৰ সংখ্যা গণশিল্পী দিলীপ শৰ্মাৰ জন্ম শতবৰ্ষ বিশেষ সংখ্যাৰূপে প্ৰকাশ কৰা হয় ৷ আকাশবাণী গুৱাহাটীৰ কথাশিল্প অনুষ্ঠানত প্ৰচাৰ কৰা ড০ ৰুবুল মাউটৰ মোৰো এটা সপোন আছে গ্ৰন্থখনৰ ধাৰাবাহিক পাঠৰ শীৰ্ষ গীত দুটিৰ লিৰিকেল ভিডিঅ’ আজি মুকলি কৰা হয়। বিশিষ্ট গীতিকাৰ কীৰ্তি কমল ভূঞা আৰু আকাশবাণীৰ অৱসৰপ্ৰাপ্ত সঞ্চালক অৱনী ৰঞ্জন পাঠকে মুকলি কৰা এই গীতৰ কথা ইউৰেকা কাকতি আৰু গহনা চক্ৰৱৰ্তীৰ আৰু সুৰ বৰষা বৰাৰ। সুকন্যা কাশ্যপ মহন্ত আৰু বৰ্ষা বৰাই কণ্ঠ নিগৰোৱা গীত দুটিৰ সংগীত মনদীপ মহন্ত আৰু হিকজ্যোতি নাথৰ। ডিজিটেল আৰ্ট শংকৰ ভৰালীৰ। এনিমেশ্যন, এডিটিং উদ্দীপ্ত ভট্টাচাৰ্যৰ আৰু প্ৰযোজনা কৰিছে ইন্দ্ৰজিৎ দাসে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।