শ্ৰোতাৰ আদৰৰ আকাশবাণী গুৱাহাটী কেন্দ্ৰই আজি ৭৮ বছৰত ভৰি দিছে। এই উপলক্ষে আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে আজি পুৱা বিভাগটোৰ লবীত কেইবাগৰাকীও প্রয়াত সহকৰ্মীৰ আলোকচিত্ৰ স্থাপন কৰে। প্ৰয়াত সহকর্মী কেইগৰাকীৰ পৰিয়ালে আগবঢ়োৱা এই আলোকচিত্ৰকেইখন আজি আনুষ্ঠানিকভাৱে অনাবৰণ কৰা হয়। অষ্ট সপ্ততিতম্ প্ৰতিষ্ঠা দিৱস উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই আজি গুৱাহাটীৰ উজানবজাৰৰ বিবেকানন্দ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত এটা অন্তৰংগ অনুষ্ঠানৰ আয়োজন কৰিছে।
প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি সন্ধিয়া ৬.৩০ বজাত আকাশবাণী গুৱাহাটী কেন্দ্ৰই ৰঙিয়াৰ হৰদত্ত-বীৰদত্ত ভৱনত ‘ওপজা দিনৰ সুবাস’ শীৰ্ষক এটা সংগীতানুষ্ঠানৰ আয়োজন কৰিছে। অনুষ্ঠানত বিশিষ্ট সংগীত শিল্পী দিলীপ দাসৰ গীত আৰু আলাপ, ডম্বৰুধৰ পাঠক আৰু জবা দাসৰ লোকগীত, উৎপল বৰাৰ মেন্দোলিন বাদন আৰু ৰঙিয়াৰ সমন্বয়ী কলাকেন্দ্ৰৰ শিল্পীসকলৰ নৃত্যানুষ্ঠান পৰিৱেশন কৰা হ’ব। প্ৰতিষ্ঠা দিৱসৰ প্ৰাক্ সন্ধিয়া আকাশবাণী গুৱাহাটীৰ কক্ষসমূহৰ দুৱাৰমুখ কালি ৰং-বিৰঙী বেলুনেৰে সজাই তোলাৰ লগতে সন্ধিয়ালৈ আলোকসজ্জাৰ ব্যৱস্থা কৰা হয়। প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি আজি আকাশবাণী গুৱাহাটীৰ প্ৰাচীৰ পত্ৰিকা আকাশী স্পন্দনৰ ষষ্ঠ বৰ্ষৰ একাদশ সংখ্যা আনুষ্ঠানিকভাৱে উন্মোচন কৰা হ’ব। আকাশী স্পন্দনৰ এইবাৰৰ সংখ্যা গণশিল্পী দিলীপ শৰ্মাৰ জন্ম শতবৰ্ষ বিশেষ সংখ্যাৰূপে প্ৰকাশ কৰা হ’ব। আজিৰ পৰা আকাশবাণী গুৱাহাটী কেন্দ্ৰই ৱিধি ভাৰতী শাখাত অসমীয়া অনুষ্ঠানৰ প্ৰচাৰ পুনৰ আৰম্ভ কৰিছে। শ্ৰোতাসকলে ১০০.৮ মেগাহার্টজত এই শাখাৰ অনুষ্ঠানসমূহ শুনিব পাৰিব। ইয়াৰ উপৰিও আজিৰ পৰা আকাশবাণী গুৱাহাটী কেন্দ্ৰই সাদিনীয়া নাট মহোৎসৱৰ আয়োজন কৰিছে। নাট শৃংখলাত আজি সূৰ্যৰ পৰিচালনাত ড° ভৱেন্দ্ৰ নাথ শইকীয়াৰ ৰাৱন শীৰ্ষক নাটকখন প্ৰচাৰ কৰিব। আকাশবাণী গুৱাহাটী কেন্দ্ৰই আজি ৰঙিয়াৰ হৰদত্ত-বীৰদত্ত ভৱনত আয়োজন কৰা ওপজা দিনৰ সুবাস অনুষ্ঠানটো ইয়াৰ মহাবাহু শাখাত পোনপটীয়াকৈ প্ৰচাৰ কৰা হ’ব। এই পোনপটীয়াকৈ প্ৰচাৰৰ বাবে আমাৰ আজি সন্ধিয়া ৭ বাজি ১০ মিনিটত প্ৰচাৰিত হ’বলগীয়া অসমীয়া বাতৰি সন্ধিয়া ৬ বাজি ২০ মিনিটত প্ৰচাৰিত হ’ব।
Site Admin | July 1, 2025 1:51 PM | Akashvani Guwahati
আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আজি ৭৮ বছৰ