আকাশবাণী গুৱাহাটী কেন্দ্ৰই কাইলৈ ৭৮ বছৰত ভৰি দিব

আকাশবাণী গুৱাহাটী কেন্দ্ৰই কাইলৈ ৭৮ বছৰত ভৰি দিব। এই উপলক্ষে আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে কাইলৈ পুৱা ৯.৩০ বজাত বিভাগটোৰ লবীত কেইবাগৰাকীও প্রয়াত সহকৰ্মীৰ আলোকচিত্র স্থাপন কৰিব। প্রয়াত সহকৰ্মী কেইগৰাকীৰ পৰিয়ালে আগবঢ়োৱা এই আলোকচিত্ৰকেইখন কাইলৈ আনুষ্ঠানিকভাৱে অনাবৰণ কৰা হ’ব। অষ্ট সপ্ততিতম্ প্ৰতিষ্ঠা দিৱস উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই কাইলৈ দিনৰ ১০ বজাত গুৱাহাটীৰ উজানবজাৰৰ বিবেকানন্দ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত এটা অন্তৰংগ অনুষ্ঠানৰ আয়োজন কৰিছে। এই অনুষ্ঠানত আকাশবাণী গুৱাহাটী কেন্দ্র বিষয়ক কুইজৰ বিজয়ীসকলৰ লগতে ভালেকেইগৰাকী প্ৰাক্তন সতীৰ্থৰ সৈতে অন্তৰংগ আলাপ অনুষ্ঠিত হ’ব। কাইলৈ সন্ধিয়া ৬.৩০ বজাত আকাশবাণী গুৱাহাটী কেন্দ্ৰই ৰঙিয়াৰ হৰদত্ত-বীৰদত্ত ভৱনত ‘ওপজা দিনৰ সুবাস’ শীৰ্ষক এটা সংগীতানুষ্ঠানৰ আয়োজন কৰিছে। অনুষ্ঠানত বিশিষ্ট সংগীত শিল্পী দিলীপ দাসৰ গীত আৰু আলাপ, ডম্বৰুধৰ পাঠক আৰু জবা দাসৰ লোকগীত, উৎপল বৰাৰ মেন্দোলিন বাদন আৰু ৰঙিয়াৰ সমন্বয়ী কলাকেন্দ্ৰৰ শিল্পীসকলৰ নৃত্যানুষ্ঠান পৰিৱেশন কৰা হ’ব। প্ৰতিষ্ঠা দিৱসৰ প্ৰাক্ সন্ধিয়া আকাশবাণী গুৱাহাটীৰ কক্ষসমূহৰ দুৱাৰমুখত ৰং-বিৰঙী বেলুনেৰে সজাই তোলাৰ লগতে সন্ধিয়ালৈ আলোকসজ্জাৰ ব্যৱস্থা কৰা হৈছে। প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি কাইলৈ আকাশবাণী গুৱাহাটীৰ প্ৰাচীৰ পত্ৰিকা ‘আকাশী স্পন্দন’ৰ ষষ্ঠ বৰ্ষৰ একাদশ সংখ্যা আনুষ্ঠানিকভাৱে উন্মোচন কৰা হ’ব। ‘আকাশী স্পন্দন’ৰ এইবাৰৰ সংখ্যা গণশিল্পী দিলীপ শৰ্মাৰ জন্ম শতবৰ্ষ বিশেষ সংখ্যাৰূপে প্ৰকাশ কৰা হ’ব। কাইলৈৰ পৰা আকাশবাণী গুৱাহাটী কেন্দ্ৰই ৱিৱিধ ভাৰতী শাখাত অসমীয়া অনুষ্ঠানৰ প্ৰচাৰ পুনৰ আৰম্ভ কৰিব। ইয়াৰ উপৰিও কাইলৈৰ পৰা আকাশবাণী গুৱাহাটী কেন্দ্ৰই সাদিনীয়া নাট মহোৎসৱৰ আয়োজন কৰিছে। কাইলৈৰ নাটক–সূৰ্যৰ পৰিচালনাত ড০ ভৱেন্দ্ৰ নাথ শ‍ইকীয়াৰ ‘ৰাৱন’। আকাশবাণী গুৱাহাটী কেন্দ্ৰই কাইলৈ ৰঙিয়াৰ হৰদত্ত-বীৰদত্ত ভৱনত আয়োজিত ‘ওপজা দিনৰ সুবাস’ অনুষ্ঠানটো ইয়াৰ মহাবাহু শাখাত পোনপটীয়াকৈ প্ৰচাৰ কৰিব। এই পোনপটীয়াকৈ প্ৰচাৰৰ বাবে আমাৰ কাইলৈ সন্ধিয়া ৭ বাজি ১০ মিনিটত প্ৰচাৰিত হ’বলগীয়া অসমীয়া বাতৰি সন্ধিয়া ৬ বাজি ২০ মিনিটত প্ৰচাৰিত হ’ব।