ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত হ’ব অপৰাচেন সিন্দূৰ সন্দৰ্ভত বিশেষ দৃষ্টিপাত

১৯৭১ চনৰ ভাৰত-পাকিস্তান যুদ্ধৰ অন্যতম নায়ক অৱসৰপ্ৰাপ্ত উইং কমাণ্ডাৰ জগদীশ ভট্টাচার্যই শনিবাৰে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত দৃষ্টিপাত অনুষ্ঠানত পাকিস্তানত বোমাবর্ষণ কৰি উভতি অহাৰ পথত তেওঁৰ বিমান গুলীবিদ্ধ হোৱা ধ্বংস হোৱা আৰু পেৰাচ্যুটেৰে নামি অহাৰ পাছত কিদৰে পাকিস্তানী সেনাৰ চকুত ধূলি মাৰি স্বদেশলৈ প্ৰত্যাৱৰ্তন কৰিছিল এই সম্পৰ্কত প্ৰকাশ কৰে। অপৰাচেন সিন্দূৰ সম্পৰ্কত তেওঁ কয়, যে এই অভিযানৰ দ্বাৰা ভাৰতীয় বায়ুসেনাই উৎকৃষ্টতাৰ নিদৰ্শন দাঙি ধৰিছে। এই অভিযান নিখুঁট আৰু সুপৰিকল্পিত বুলি তেওঁ কয়।
আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে প্ৰচাৰ আজি বিশেষ দৃষ্টিপাতৰ দ্বিতীয় খণ্ডটো প্ৰচাৰ কৰিব৷ নিশা ৮ বাজি ২০ মিনিটৰ পৰা প্ৰচাৰিত হ’বলগীয়া এই অনুষ্ঠানত অৱসৰপ্ৰাপ্ত গ্রুপ কেপ্টেইন দেৱানন্দ গোহাঁই আৰু জ্যেষ্ঠ নাগৰিক তথা আকাশবাণীৰ প্ৰাক্তন ঘোষক কীৰ্তিকমল ভূঞাৰ সৈতে বাৰ্তালাপ শুনিবলৈ পাব। এই অনুষ্ঠানৰ উপস্থাপন, পৰিকল্পনা আৰু প্রযোজনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ। অনুষ্ঠান সূচীৰ জৰুৰী পৰিৱৰ্তনৰ বাবে আজি সন্ধিয়া ৭ বাজি ৪৫ মিনিটত প্ৰচাৰিত হ’বলগীয়া সংবাদ চলন্তিকা প্রচাৰিত নহয়।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।