■ সমাগত ৰাজ্য বিধান সভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আকাশবাণীৰ সঞ্চালক প্ৰধানৰ নিৰ্দেশ মর্মে অহা পহিলা ডিচেম্বৰৰ পৰা আকাশবাণী গুৱাহাটী যোগে প্ৰচাৰিত বাতৰি আৰু বাতৰি বিভাগৰ কেতবোৰ অনুষ্ঠানৰ সময়ৰ কিছু সালসলনি কৰা হৈছে। এই অনুসৰি দিনৰ ১১ বজাত প্ৰচাৰিত মুখ্য বাতৰি এক ডিচেম্বৰৰ পৰা পাঁচ মিনিটৰ বাতৰি বুলেটিন হিচাপে প্ৰচাৰ কৰা হ’ব। দিনৰ ১২ বাজি ৫ মিনিটত প্ৰচাৰ কৰা বাতৰিৰ সময় ১০ মিনিটলৈ বৃদ্ধি কৰা হ’ব। একেদৰে তিনি বজাৰ মুখ্য বাতৰিৰ পৰিৱৰ্তে ৫ মিনিটৰ বুলেটিন প্ৰচাৰ কৰা হ’ব। সন্ধিয়া ৬ বজাৰ বাতৰি এতিয়া পাঁচ মিনিটৰ পৰিৱৰ্তে ১০ মিনিটৰ বাবে প্ৰচাৰ কৰা হ’ব। প্ৰতি মঙলবাৰে এক
বাজি ২০ মিনিটত প্ৰচাৰ কৰা প্ৰাসংগিকৰ উপৰি প্ৰতিদিনে বিয়লি তিনি বাজি পাঁচ মিনিটৰ পৰা তিনি বাজিৰ ১৫ মিনিটলৈ প্ৰাসংগিক প্ৰচাৰ কৰা হ’ব। অনুষ্ঠানটো প্ৰতিনিশা ৯ বাজি ১৫ মিনিটৰ পৰা ৯ বাজি ২৫ মিনিটলৈ পুনৰ প্ৰচাৰ কৰা হ’ব। ইপিনে প্রতি সোমবাৰে প্ৰচাৰিত ক্ৰীড়া বাৰ্তাৰ সময়ত পাঁচ মিনিট হ্ৰাস কৰা হৈছে। এই অনুসৰি অহা সোমবাৰৰ পৰা সন্ধিয়া ৬ বাজি ৪০ মিনিটৰ পৰা ৬ বাজি ৪৫ মিনিটলৈ ক্ৰীড়া বাৰ্তা প্ৰচাৰ কৰা হ’ব।
Site Admin | November 25, 2025 12:51 PM | Akashvani | Akashvani Guwahati | Akashvani News | Local news
আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ কেতবোৰ অনুষ্ঠানৰ সময়ৰ কিছু সালসলনি