ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

আকাশবাণী গুৱাহাটীৰ প্ৰাক্তন বাতৰি পঢ়োতা গোলাপ শ‍ইকীয়াৰ পঞ্চম মৃত্যু বার্ষিকী উপলক্ষে অনলাইন বাতৰি পঢ়া প্ৰতিযোগিতা

■ আকাশবাণী গুৱাহাটীৰ প্ৰাক্তন বাতৰি পঢ়োতা গোলাপ শ‍ইকীয়াৰ পঞ্চম মৃত্যু বার্ষিকী উপলক্ষে বাতৰি বিভাগৰ তৰফৰ পৰা অষ্টম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে এখন অনলাইন বাতৰি পঢ়া প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। এই প্ৰতিযোগিতাৰ ভাষা হ’ব অসমীয়া আৰু সময় ১ মিনিট নির্ধাৰণ কৰা হৈছে। ইচ্ছুক প্ৰতিযোগীয়ে সাম্প্ৰতিক ঘটনাৱলী সম্পৰ্কত বাতৰি আকাশবাণীৰ বাবে উপযুক্ত ৰূপত মোবাইল ফোন অথবা অডিঅ’ ৰেকৰ্ডাৰত ৰেকৰ্ড কৰি এম-পি থ্ৰী ৰূপত ৯৭১৬৬৮০৯৬৯, ৯৮৬৪৩৯৩১৫৫ আৰু ৯৬১৯৬৮৬৬৫৯ এই তিনিটা নম্বৰৰ যিকোনো এটা নম্বৰলৈ ২৪ ছেপ্তেম্বৰৰ ভিতৰত হোৱাট্‌ছএপযোগে পঠিয়াব লাগিব। সবিশেষ জানিবৰ বাবে শ্ৰোতাসকলে আমাৰ ফেচবুক পেজ এয়াৰ নিউজ গুৱাহাটী চাব পাৰে।