November 9, 2025 11:25 AM | air ghy dristipat

printer

আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাতত প্রাক্তন বাতৰি পৰিবেশকৰ মনৰ ভাব আৰু অভিজ্ঞতাৰ কথা সোঁৱৰণ

আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠানত কালি নিশা আঞ্চলিক বাতৰি বিভাগৰ কেইবাগৰাকী প্রাক্তন বাতৰি পৰিবেশকে নিজৰ মনৰ ভাব আৰু অভিজ্ঞতা ব্যক্ত কৰে। অনুষ্ঠানত অংশ লৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ সহকাৰী অধ্যাপক ড০ ভাৰতী ভড়ালীয়ে বাতৰি বিভাগৰ সৈতে জড়িত হোৱাৰ মধুৰ অভিজ্ঞতাৰ কথা সোঁৱৰণ কৰে। তেওঁ লগতে সময়ৰ দ্রুত পৰিৱৰ্তনৰ সৈতে তাল মিলাই আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে নিজৰ গৰিমা অক্ষুণ্ণ ৰাখিছে বুলি মন্তব্য কৰে।

অনুষ্ঠানত প্ৰাক্তন বাতৰি পৰিবেশক তথা জ্যেষ্ঠ পশু চিকিৎসা বিষয়া ডাঃ অবনি কুমাৰ চৌধুৰীয়ে আকাশবাণীত কাম কৰি কিদৰে সাৱলীলভাবে বাতৰি লিখা আৰু উচ্চাৰণৰ কৌশল আয়ত্ত কৰিলে আৰু এই অভিজ্ঞতাই তেওঁৰ পৰৱৰ্তী বৃত্তিগত জীৱনত কিদৰে সহায় কৰিছে সেই বিষয়ে জানিবলৈ দিয়ে।

একেদৰে আন এগৰাকী প্রাক্তন বাতৰি পৰিবেশক তথা অসম চৰকাৰৰ জনসংযোগ বিভাগৰ জ্যেষ্ঠ তথ্য বিষয়া পম্পী দেৱীয়ে আঞ্চলিক বাতৰি বিভাগক শিকণৰ ভেটি বুলি উল্লেখ কৰাৰ লগতে বাতৰি বিভাগত কাম কৰা অভিজ্ঞতাই তেওঁক পৰৱৰ্তী সময়তো যথেষ্ট সহায় কৰা বুলি উল্লেখ কৰে। প্রাক্তন বাতৰি পৰিবেশক কাবেৰী বৰা মজুমদাৰে অনুষ্ঠানটোত বাতৰি বিভাগত দলীয় মানসিকতাৰে কাম কৰাৰ অভিজ্ঞতাই তেওঁক পৰৱৰ্তী জীৱনত বিশেষভাবে সহায় কৰিছে বুলি উল্লেখ কৰে। একেদৰে আন এগৰাকী প্রাক্তন বাতৰি পৰিবেশক ইলোৰা গোস্বামীয়ে বাতৰি বিভাগত লাভ কৰা অনুশাসনৰ শিক্ষা, বাতৰিৰ প্ৰতি থকা অসীম আগ্ৰহ আৰু বিভাগটোৰ প্ৰতি থকা আন্তৰিকতাৰ কথা উল্লেখ কৰে। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীব লোচন বৰঠাকুৰে এই অনুষ্ঠানৰ পৰিকল্পনা, প্রযোজনা আৰু উপস্থাপন কৰে।