ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

আকাশবাণী গুৱাহাটীৰ উদ্যোগত ৯০ বছৰীয়া বৰ্ণিল পৰিক্ৰমা উদযাপনৰ উদ্দেশ্যে যুৱবাণী শাখাৰ দ্বাৰা কুইজ প্রতিযোগিতাৰ আয়োজন

আকাশবাণী গুৱাহাটীৰ উদ্যোগত অহা ৮ আগষ্টত অসম ৰাজ্যিক সংগ্ৰহালয়ৰ কনকলাল বৰুৱা প্ৰেক্ষাগৃহত আকাশবাণীৰ ৯০ বছৰীয়া বৰ্ণিল পৰিক্ৰমা উদযাপন কৰাৰ উদ্দেশ্যে যুৱবাণী শাখাৰ দ্বাৰা এখন কুইজ প্রতিযোগিতাৰ আয়োজন কৰা হৈছে। ‘আকাশবাণীৰ ৯০ বছৰ’ এই কুইজ প্ৰতিযোগিতাত আকাশবাণীৰ প্ৰচাৰণ সেৱাৰ গৌৰৱোজ্জ্বল ৯০ বছৰীয়া পৰিক্ৰমা আৰু অসম তথা আমাৰ দেশৰ বিভিন্ন ঠাইত থকা আকাশবাণী কেন্দ্ৰসমূহৰ সৈতে জড়িত প্রশ্ন থাকিব। প্ৰতিযোগিতাৰ প্ৰতিটো দলত দুজনকৈ সদস্য থাকিব। সেইদিনাই দুপৰীয়া ১ বজাৰ পৰা আকাশবাণীৰ ৯০ বছৰীয়া পৰিক্ৰমা, ভাৰতৰ সাংস্কৃতিক ঐতিহ্য আৰু ঐতিহাসিক পৰম্পৰা, ঘটনা-পৰিঘটনাক সামৰি আকস্মিক বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। উচ্চতৰ মাধ্যমিক প্রথম বৰ্ষৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈ শিক্ষাৰ্থীসকলে কুইজ আৰু আকস্মিক বক্তৃতা প্ৰতিযোগিতাত ভাগ ল’ব পাৰিব। বিজয়ীসকলক আকর্ষণীয় পুৰস্কাৰ প্ৰদান কৰাৰ লগতে আকাশবাণীৰ যুৱবাণী অনুষ্ঠানত ভাগ ল’বলৈ আমন্ত্ৰণ জনোৱা হ’ব। ৮ আগষ্টৰ বিয়লি ৪ বজাত শেহতীয়াকৈ অনুষ্ঠিত আকাশবাণী গুৱাহাটীৰ যুৱবাণী শাখাৰ সংগীতৰ অ’ডিচনত উত্তীৰ্ণ হোৱাসকলক প্ৰমাণ পত্ৰ প্ৰদান কৰা হ’ব। সবিশেষ জানিবলৈ আকাশবাণী গুৱাহাটীৰ ফে’চবুক পেজ এয়াৰ গুৱাহাটী চাব পাৰে। অথবা আকাশবাণী গুৱাহাটীৰ যুৱবাণী শাখাৰ সৈতে যোগাযোগ কৰিব পাৰে।