আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ উপ-সঞ্চালক হিচাপে ভাৰতীয় তথ্য সেৱাৰ জ্যেষ্ঠ বিষয়া ৰাজীৱ লোচন বৰঠাকুৰৰ যোগদান

ভাৰতীয় তথ্য সেৱাৰ জ্যেষ্ঠ বিষয়া ৰাজীৱ লোচন বৰঠাকুৰে আজি আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ উপ-সঞ্চালক হিচাপে যোগদান কৰিছে। শ্ৰী বৰঠাকুৰে আকাশবাণী গুৱাহাটীৰ লগতে কেন্দ্রীয় চলচ্চিত্ৰ প্ৰমাণন পৰিষদৰ গুৱাহাটীস্থিত কাৰ্যালয়তো আঞ্চলিক বিষয়াৰূপে কাৰ্যনিৰ্বাহ কৰিব। আজি কাৰ্যালয়ত যোগদান কৰাৰ পাছত তেওঁ আকাশবাণীৰ বাতৰি বিভাগৰ বিষয়া আৰু কৰ্মচাৰীসকলৰ সৈতে এখন বৈঠকত মিলিত হৈ আঞ্চলিক বাতৰিৰ মান উন্নত কৰাৰ ক্ষেত্ৰত বিভিন্ন বিষয় লৈ আলোচনা কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।