October 23, 2025 9:04 PM | air dristipat

printer

আকাশবাণী গুৱাহাটীৰ অহা ২৫ অক্টোবৰৰ দৃষ্টিপাত অনুষ্ঠানৰ বিষয় গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ বাতৰি বিভাগ

১৯৮৫ চনৰ ২৪ মাৰ্চত তেতিয়াৰ মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎ‍সালয়ৰ পুৰণি প্ৰসূতি কক্ষ এটাক উন্নীত কৰা হৈছিল এটা টেলিভিছনৰ ষ্টুডিঅ’লৈ। এয়াই আছিল গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ আৰম্ভণি। অসম তথা উত্তৰ-পূৰ্বাঞ্চলত প্ৰথমবাৰৰ বাবে টেলিভিছনৰ বাতৰি প্ৰচাৰ আৰম্ভ হৈছিল। বহু ঘটনাৰ সাক্ষী এই গুৱাহাটী দূৰদৰ্শনৰ বাতৰি বিভাগ ৷ অহা ২৫ অক্টোবৰৰ নিশা ৮ বাজি দুই মিনিটৰ দৃষ্টিপাত অনুষ্ঠানৰো বিষয় এই গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ বাতৰি বিভাগ। ইয়াত লগ পাব বাতৰি বিভাগৰ জন্ম লগ্নৰ পৰা জড়িত কেইগৰাকীমান বিষয়া-কৰ্মচাৰী আৰু পৰিৱেশিকাক। অনুষ্ঠানটোৰ পৰিকল্পনা, প্রযোজনা আৰু উপস্থাপন আকাশবাণীৰ বাতৰি বিভাগৰ মুৰব্বী ৰাজীৱ লোচন বৰঠাকুৰৰ।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।