ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

আকাশবাণী কোকৰাঝাৰ কেন্দ্ৰৰ ১০ কিলোৱাট শক্তি সম্পন্ন নতুন এফ এম ট্রান্সমিটাৰ আনুষ্ঠানিকভাৱে ৰাইজৰ সেৱাত উৎসৰ্গা

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে গুৱাহাটীত আয়োজিত অনুষ্ঠানত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে আকাশবাণী কোকৰাঝাৰ কেন্দ্ৰৰ ১০ কিলোৱাট শক্তি সম্পন্ন নতুন এফ এম ট্রান্সমিটাৰটো আনুষ্ঠানিকভাৱে ৰাইজৰ সেৱাত উৎসৰ্গা কৰে। আকাশবাণী কোকৰাঝাৰ কেন্দ্ৰই বি টি আৰৰ জনসাধাৰণৰ দীৰ্ঘ দিনীয়া সপোন পূৰণ কৰিলে বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ১৯৯৯ চনৰ ১৫ আগষ্টৰ পৰা জনসাধাৰণৰ সুবিধার্থে সেৱা আগবঢ়াই অহা এই কেন্দ্ৰৰ নতুন এফ এম ট্রান্সমিটাৰে ৭০ কিলোমিটাৰ ব্যাসার্ধ সামৰি ল’ব। ইয়াৰ ফলত কোকৰাঝাৰ আৰু ইয়াৰ কাষৰীয়া ধুবুৰী, বঙাইগাঁও আৰু চিৰাং জিলাৰ শ্ৰোতাসকলে আজিৰ পৰা এফ এম বেণ্ডৰ ১০২ মেগাহার্টজত আকাশবাণী কোকৰাঝাৰৰ অনুষ্ঠানসমূহ শুনিব পাৰিব। গুৱাহাটীত আয়োজিত অনুষ্ঠানৰ সমান্তৰালভাৱে কোকৰাঝাৰ বিজ্ঞান মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত এই উপলক্ষে আয়োজিত এটা অনুষ্ঠানত বি টি চিৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়োৱে অংশগ্ৰহণ কৰে। অনুষ্ঠানত কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ জয়ন্ত বসুমতাৰী, ৰাজ্যসভাৰ সাংসদ ৰণগৌড়া নাৰ্জাৰী আৰু কোকৰাঝাৰৰ ভালেকেইগৰাকী ব্যক্তিয়ে অংশগ্ৰহণ কৰে।