আকাশবাণী ইম্ফলৰ হীৰক জয়ন্তী উদযাপন অনুষ্ঠানত মণিপুৰৰ ৰাজ্যপাল অজয় কুমাৰ ভাল্লা

■ মণিপুৰৰ ৰাজ্যপাল অজয় কুমাৰ ভাল্লাই কালি ইম্ফলৰ চিটী কনভেনচন চেণ্টাৰত অনুষ্ঠিত আকাশবাণী ইম্ফলৰ হীৰক জয়ন্তী উদযাপন অনুষ্ঠানত ভাগ লয়। এই অনুষ্ঠানত আকাশবাণী ইম্ফলে আগবঢ়োৱা ৬০ বছৰজোৰা সেৱাৰ বিষয়ে আলোকপাত কৰা হয় ৷ অনুষ্ঠানৰ লগত সংগতি ৰাখি ৰাজ্যপালগৰাকীয়ে হীৰক জয়ন্তী স্মৰণিকা উন্মোচন কৰে আৰু আকাশবাণী ইম্ফলৰ বিষয়া আৰু হীৰক জয়ন্তী অনুষ্ঠানৰ প্ৰযোজকসকলৰ মাজত প্ৰশস্তি পত্ৰ বিতৰণ কৰে। অনুষ্ঠানত অতিৰিক্ত মুখ্য সচিব অনুৰাগ বাজপেয়ী, আকাশবাণীৰ সঞ্চালকপ্ৰধান ৰাজীৱ কুমাৰ জৈন, আকাশবাণীৰ উত্তৰ-পূব সংমণ্ডলৰ অতিৰিক্ত সঞ্চালকপ্ৰধান সত্যজিৎ দাস আৰু ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।