ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

আকাশবাণীৰ ৯০ বছৰীয়া বৰ্ণিল পৰিক্ৰমাক উদযাপনৰ উদ্দেশ্যে কনকলাল বৰুৱা প্ৰেক্ষাগৃহত বিশেষ কাৰ্যসূচীৰ আয়োজন

আকাশবাণীৰ ৯০ বছৰীয়া বৰ্ণিল পৰিক্ৰমাক উদযাপন কৰাৰ উদ্দেশ্যে গুৱাহাটীৰ যুৱবাণী শাখাৰ উদ্যোগত কাইলৈ অসম ৰাজ্যিক সংগ্ৰহালয়ৰ কনকলাল বৰুৱা প্ৰেক্ষাগৃহত কেইটামান বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। কাইলৈ পুৱা ৯.৩০ বজাৰ পৰা আকাশবাণীৰ ৯০ বছৰ শীৰ্ষক কুইজ প্রতিযোগিতা অনুষ্ঠিত হ’ব। এই প্রতিযোগিতাত প্ৰচাৰণ সেৱাৰ গৌৰৱোজ্জ্বল ৯০ বছৰীয়া পৰিক্ৰমা আৰু অসম তথা আমাৰ দেশৰ বিভিন্ন ঠাইত থকা আকাশবাণী কেন্দ্ৰসমূহৰ সৈতে জড়িত প্ৰশ্নাৱলী থাকিব। বিশিষ্ট কুইজ পৰিচালক দীপাংকৰ কৌশিক আৰু দিলীপ কুমাৰ শৰ্মাই এই প্রতিযোগিতা পৰিচালনা কৰিব। দুজনকৈ সদস্য থাকিবলগীয়া দলটো একেখন শৈক্ষিক প্রতিষ্ঠান অথবা ভিন্ন শৈক্ষিক প্ৰতিষ্ঠানৰো হ’ব পাৰে । কাইলৈ দুপৰীয়া ১ বজাৰ পৰা আকাশবাণীৰ ৯০ বছৰীয়া পৰিক্ৰমা, ভাৰতৰ সাংস্কৃতিক ঐতিহ্য আৰু ঐতিহাসিক পৰম্পৰা, ঘটনা-পৰিঘটনাক সামৰি অসমীয়া আকস্মিক বক্তৃতা প্রতিযোগিতঅনুষ্ঠিত হ’ব। উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈ শিক্ষার্থীসকলে কুইজ আৰু আকস্মিক বক্তৃতা প্রতিযোগিতাত ভাগ ল’ব পাৰিব। বিজয়ীসকলক আকৰ্ষণীয় পুৰস্কাৰ প্ৰদান কৰাৰ লগতে আকাশবাণীৰ যুৱবাণীঅনুষ্ঠানত ভাগ ল’বলৈ আমন্ত্ৰণ জনোৱা হ ‘ব। কাইলৈ বিয়লি ৪ বজাত, শেহতীয়াকৈ অনুষ্ঠিত আকাশবাণী গুৱাহাটীৰ যুৱবাণী শাখাৰ সংগীতৰ অডিচনত উত্তীৰ্ণ হোৱা সকলকো প্ৰমাণ পত্ৰ প্ৰদান কৰা হ’ব। কাইলৈ সন্ধিয়া ৫.৩০ বজাৰ পৰা নতুন প্ৰজন্মৰ ৰেডিঅ’ অনুৰাগী যুৱক-যুৱতী সকলে দেশপ্রেমমূলক গীত, কবিতা, নৃত্যৰ এটি অনুষ্ঠান পৰিৱেশন কৰিব৷