ডাউনলোড
মোবাইল এপ

android apple
signal

July 22, 2025 8:24 PM | DG In Shillong

printer

আকাশবাণীৰ সঞ্চালক প্ৰধান ড° প্রজ্ঞা পালিৱাল গৌড় শ্বিলঙত উপস্থিত

অসম আৰু মেঘালয়ত পাঁচদিনীয়া ভ্ৰমণসূচীৰে আকাশবাণীৰ সঞ্চালকপ্ৰধান ড° প্রজ্ঞা পালিৱাল গৌড় আজি শ্বিলঙত উপস্থিত হয়। শ্বিলঙলৈ যোৱাৰ পথত সঞ্চালকপ্ৰধানগৰাকীক আজি আকাশবাণীৰ উত্তৰ-পূৰ্বাঞ্চলৰ অতিৰিক্ত সঞ্চালকপ্ৰধান আশীষ ভাটনাগৰ, উপ-সঞ্চালকপ্ৰধান ৰবীন চন্দ্র বড়ো, আকাশবাণী গুৱাহাটীৰ উপ-সঞ্চালকপ্রধান ৱালিউল্লা খান, আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰ আৰু আকাশবাণী গুৱাহাটীৰ অনুষ্ঠান বিভাগৰ মুৰববী কাৰ্ডলিন থেংকিউকে ধৰি বিষয়াসকলে আদৰণি জনায়।
কাইলৈ তেওঁ শ্বিলঙত আকাশবাণীৰ ৯০ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আয়োজিত এটা সংগীতানুষ্ঠানত অংশগ্রহণ কৰিব। ২৪ জুলাইত তেওঁ শ্বিলঙত মেঘালয়ৰ আকাশবাণী কেন্দ্ৰসমূহত কাম-কাজৰ পৰ্যালোচনা কৰিব। ২৫ জুলাইৰ বিয়লি ড° পালিৱাল গৌড় গুৱাহাটীলৈ আহিব আৰু ২৬ জুলাইত তেওঁ গুৱাহাটীত অসমৰ আকাশবাণী কেন্দ্ৰসমূহৰ কাম-কাজৰ পর্যালোচনা কৰিব। ২৭ জুলাইত তেওঁ নতুন দিল্লীলৈ উভতি যাব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।