আকাশবাণীৰ সঞ্চালক প্রধান ড০ প্ৰজ্ঞা পালিৱাল গৌড়ৰ গুৱাহাটীত অসমৰ আকাশবাণী কেন্দ্ৰসমূহৰ কাম-কাজৰ পৰ্যালোচনা

৫ দিনীয়া ভ্ৰমণসূচীৰে অসম আৰু মেঘালয়লৈ অহা আকাশবাণীৰ সঞ্চালক প্রধান ড০ প্ৰজ্ঞা পালিৱাল গৌড় আজি নতুন দিল্লীলৈ উভতি যাব। কালি সঞ্চালক প্রধানগৰাকীয়ে গুৱাহাটীত অসমৰ আকাশবাণী কেন্দ্ৰসমূহৰ কাম-কাজৰ পৰ্যালোচনা কৰে। ড০ গৌড়ে কয়, যে অনুষ্ঠানসূচীত নতুনত্ব আনি নতুন প্রজন্মক আকৰ্ষিত কৰিব পাৰিলেহে আকাশবাণীৰ প্ৰাসংগিকতা থাকিব।
ইয়াৰ আগেয়ে সঞ্চালক প্ৰধানগৰাকীয়ে মেঘালয়ৰ আকাশবাণী কেন্দ্ৰসমূহৰ কাম-কাজৰ পৰ্যালোচনা কৰে। কালি পুৱাৰ ভাগত তেওঁ কামাখ্যা মন্দিৰলৈ গৈ দেৱীৰ আশিস গ্ৰহণ কৰে। আকাশবাণী গুৱাহাটীয়ে আজি সন্ধিয়া সাত বাজি ৪৫ মিনিটৰ সংবাদ চলন্তিকাত সঞ্চালক প্ৰধানগৰাকীৰ গুৱাহাটীত বৈঠক সন্দৰ্ভত এটা অনুষ্ঠান প্ৰচাৰ কৰিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।