ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

March 2, 2025 12:35 PM | air ghy dristipat

printer

আকাশবাণীৰ বাতৰি আৰু অনুষ্ঠানসমূহে আৰম্ভণিৰে পৰা অগণন শ্রোতাৰ চিন্তা আৰু ৰুচিক খোৰাক যোগাই আহিছে: সাংবাদিক নিতুমণি শ‍ইকীয়া

আকাশবাণীৰ বাতৰি আৰু অনুষ্ঠানসমূহে আৰম্ভণিৰে পৰা অগণন শ্রোতাৰ চিন্তা আৰু ৰুচিক খোৰাক যোগাই আহিছে। স্বকীয় ধাৰা বজাই ৰাখি অথচ পৰিৱৰ্তিত সময়ৰ প্ৰয়োজনৰ সৈতে ৰজিতা খুৱাই কিছু নতুনত্বৰ সংযোজনেৰে আকাশবাণী শ্রোতাৰ বাবে সদায় প্ৰাসংগিক হৈ থাকিব। কালি আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠানত টেলিভিশ্বন চেনেল প্রতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শ‍ইকীয়াই এইদৰে মনৰ ভাৱ প্ৰকাশ কৰে।  তেওঁ কয়, যে তেওঁৰ দৰেই অসমৰ বহু ব্যক্তিৰ শৈশৱৰ পৰা জীৱনৰ বিভিন্ন স্তবলৈ আকাশবাণীয়ে শক্তিশালী প্রভাৱ বিস্তাৰ কৰি আহিছে। আকাশবাণীৰ বাতৰি আৰু অনুষ্ঠানে ভাষা, উচ্চাৰণৰ শুদ্ধতাৰ লগতে ৰাজ্যখনৰ সাহিত্য, সংস্কৃতি আৰু ঐতিহ্যৰ চেতনা শ্ৰদ্ধাৰে বহন কৰিবলৈ প্ৰেৰণা যোগায় বুলিও তেওঁ উল্লেখ কৰে। এই অনুষ্ঠানটোৰ প্ৰযোজনা, পৰিকল্পনা আৰু সাক্ষাৎ গ্ৰহণ কৰিলে ৰাজীৱ লোচন বৰঠাকুৰে।