আকাশবাণীৰ পাব্লিক স্পীকত সোমবাৰে জন্মতে দেখা দিয়া বিসংগতি আৰু আনুসংগিক সমস্যা সন্দৰ্ভত বিশেষ আলোচনা

 আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত কাইলৈ নিশা ৯-৩০ বজাত জন্মতে দেখা দিয়া বিসংগতি তথা এই সম্পৰ্কীয় আনুসংগিক সমস্যা সন্দৰ্ভত নতুন দিল্লীৰ সৰ্বভাৰতীয় আয়ুর্বিজ্ঞান প্ৰতিষ্ঠানৰ শিশু শল্য চিকিৎসা বিভাগৰ অধ্যাপক ডাঃ প্রবোধ গোৱেল আৰু নতুন দিল্লীৰ স্বামী দয়ানন্দ চিকিৎসালয়ৰ শিশু চিকিৎসা সম্পৰ্কীয় বিভাগসমূহৰ মুৰববী ডাঃ সুৰেন্দৰ সিং বিষ্টৰ সৈতে হোৱা বিশেষ আলোচনা সম্প্ৰচাৰ কৰা হ’ব। আগ্ৰহী শ্রোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত ০১১-২৩৪২ ১০৫০ আৰু ০১১ ২৩৩১ ৪৪৮৮ নম্বৰত ফোন কৰি সমল ব্যক্তিসকলক এই সন্দৰ্ভত প্ৰশ্ন সুধিব পাৰিব। তেওঁলোকে ৱাটছএপ যোগে ৯২৮৯০ ৯৪০৪৪ নম্বৰলৈও প্ৰশ্ন প্ৰেৰণ কৰিব পাৰিব। আকাশবাণীৰ এফ এম গ’ল্ড চেনেল আৰু অতিৰিক্ত ফ্রিকুয়েন্সিসমূহৰ যোগেদি এই অনুষ্ঠান প্ৰচাৰ কৰা হ’ব। শ্ৰোতাসকলে আমাৰ ৱেৱছাইট newsonair.co.in আৰু ইউটিউব চেনেল newsonairofficial যোগেও এই অনুষ্ঠান শুনিবলৈ পাব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।