ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

আকাশবাণীৰ পাব্লিক স্পীকত কাইলৈ বাহকজনিত ৰোগৰ লক্ষণ, প্ৰতিকাৰ আৰু চিকিৎসা সন্দৰ্ভত আলোচনা

আকাশবাণী বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত কাইলৈ নিশা ৯-৩০ বজাত বাহকজনিত ৰোগৰ লক্ষণ, প্ৰতিকাৰ আৰু চিকিৎসা সন্দৰ্ভত সৰ্বভাৰতীয় আয়ুর্বিজ্ঞান প্ৰতিষ্ঠানৰ কমিউনিটি মেডিচিন বিভাগৰ অধ্যাপক ডাঃ পুণিত মিশ্ৰ আৰু বাহকজনিত ৰোগ নিয়ন্ত্ৰণৰ ৰাষ্ট্ৰীয় কেন্দ্ৰৰ সঞ্চালক ডাঃ তনু জৈনৰ সৈতে হোৱা এটি আলোচনা প্ৰচাৰ কৰা হ’ব। আগ্রহী শ্রোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত ০১১-২৩৪২ ১০৫০ আৰু ০১১ ২৩৩১ ৪৪৪৪ নম্বৰত ফোন কৰি এই সন্দৰ্ভত বিশেষজ্ঞ কেইগৰাকীক প্ৰশ্ন সুধিব পাৰিব। তেওঁলোকে ৱাটছএপ যোগে ৯২৮৯০ ৯৪০৪৪ নম্বৰলৈও প্ৰশ্ন প্ৰেৰণ কৰিব পাৰিব। আকাশবাণীৰ এফ এম গ’ল্ড চেনেল আৰু অতিৰিক্ত ফ্রিকুয়েন্সিসমূহত এই অনুষ্ঠান শুনিবলৈ পোৱা যাব। শ্ৰোতাসকলে আমাৰ ৱেৱছাইট newson air.co.in আৰু ইউটিউব চেনেল newsonairofficial যোগেও এই অনুষ্ঠান শুনিবলৈ পাব।