ডাউনলোড
মোবাইল এপ

android apple
signal

আই পি এল টি-২০ত সন্ধিয়া ৭.৩০ বজাত কলকাতা নাইট ৰাইডাৰ্ছ বনাম পাঞ্জাৱ কিংছ

আই পি এল টি-২০ ক্রিকেট প্রতিযোগিতাত আজি কলকাতা নাইট ৰাইডাৰ্ছে পাঞ্জাৱ কিংছৰ বিৰুদ্ধে খেলিব। খেলখন কলকাতাৰ ইডেন গার্ডেনছত সন্ধিয়া ৭.৩০ বজাত অনুষ্ঠিত হ’ব। পাঞ্জাৱ কিংছ নিজৰ ৮খন খেলৰ ৫ খনত জয়লাভ কৰি বৰ্তমান পইণ্ট তালিকাৰ পঞ্চম স্থানত আছে। কলকাতা নাইট ৰাইডাৰ্ছ ৮খন খেলৰ ৩ খনত জয়লাভ কৰি সপ্তম স্থানত আছে।চেন্নাইৰ এম এ চিডম্বম ষ্টেডিয়ামত কালি অনুষ্ঠিত এখন খেলত ছানৰাইজাছ হায়দাবাদে ৫ উেিকটত চেন্নাই ছুপাৰ কিংছক পৰাস্ত কৰে। ছানৰাইজাছ হায়দাবাদে ৮ উইকেট হাতত থকা অৱস্থাতে ১৫৫ ৰানৰ নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰে। এই জয়ৰ জৰিয়তে দলটো পইণ্ট তালিকাৰ অষ্টম স্থানলৈ উন্নত হয়। আনহাতে চেন্নাই ছুপাৰ কিংছ এতিয়ালৈকে খেলা ৯খন খেলৰ মাত্ৰ দুখনতহৈ জয়লাভ কৰি পইণ্ট তালিকাৰ একেবাৰে শেষত আছে।

অধিক পঢ়ক

সকলো চাওক