ডাউনলোড
মোবাইল এপ

android apple
signal

May 18, 2025 11:45 AM | IPL 2025

printer

আই পি এল ক্রিকেট ৰয়েল ছেলঞ্জাৰ্ছ বেংগালুৰু আৰু কলকাতা নাইটৰাইদাৰ্ছৰ মাজত হ’বলগীয়া খেলখন বৰষুণৰ বাবে পৰিত্যক্ত ঘোষণা

আই পি এল ক্রিকেট প্রতিযোগিতাত যোৱা নিশা এম চিন্নাস্বামী ষ্টেডিয়ামত ৰয়েল ছেলঞ্জাৰ্ছ বেংগালুৰু আৰু কলকাতা নাইটৰাইদাৰ্ছৰ মাজত হ’বলগীয়া খেলখন বৰষুণৰ বাবে পৰিত্যক্ত ঘোষণা কৰাত যোৱাবাৰৰ চেম্পিয়নছ কলকাতা প্ৰতিযোগিতাৰ এইবাৰৰ সংস্কৰণৰ পৰা বাহিৰ হয়।
খেলখন বৰষুণৰ বাবে পৰিত্যক্ত ঘোষণা কৰাৰ পাছত ৰয়েল ছেলঞ্জাৰ্ছ বেংগালুৰুৱে ১২ খন খেলৰ পৰা ১৭ পইণ্ট অর্জন কৰে আৰু প্ৰতিযোগিতাৰ পইণ্ট তালিকাৰ শীৰ্ষলৈ উন্নীত হয়। গুজৰাট টাইটানছে ১১ খন খেলৰ পৰা ১৬ পইণ্ট লাভ কৰি দ্বিতীয়, পাঞ্জাব কিংছে ১১ খন খেলৰ পৰা ১৫ পইণ্ট লাভ কৰি তৃতীয় স্থানত আছে। অৱশ্যে গুজৰাট আৰু পাঞ্জাব দলে এখনকৈ খেল খেলিবলৈ বাকী আছে। কলকাতা নাইটৰাইডাৰ্ছে ১৩ খন খেলৰ পৰা ১২ পইণ্ট লাভ কৰিছে আৰু দলটো প্লে অফৰ দৌৰৰ পৰা বাহিৰ হৈছে। প্রতিযোগিতাত আজি দুখন খেল অনুষ্ঠিত হ’ব। জয়পুৰৰ ছৱাই মানসিং ষ্টেডিয়ামত বিয়লি চাৰে ৩ বজাত হ’বলগীয়া প্ৰথমখন খেলত ৰাজস্থান ৰয়েলছ, পাঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। দিল্লীৰ অৰুণ জেটলি ষ্টেডিয়ামত সন্ধিয়া চাৰে ৭ বজাত হ’বলগীয়া দ্বিতীয়খন খেলত ডেলহী কেপিটেলছ গুজৰাট টাইটানছৰ সন্মুখীন হ’ব।

অধিক পঢ়ক

সকলো চাওক