ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

May 26, 2024 12:52 PM | IPL 2024

printer

আই পি এল ক্রিকেট প্রতিযোগিতাৰ ফাইনেলত ছানৰাইজাৰ্ছ হায়দৰাবাদ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীর্ণ

ছানৰাইজাৰ্ছ হায়দৰাবাদ আজি চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত হ’বলগীয়া আই পি এল ক্রিকেট প্রতিযোগিতাৰ ফাইনেলত কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীর্ণ হ’ব। খেলখন সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ’ব। ছানৰাইজাৰ্ছ হায়দৰাবাদে প্রতিযোগিতাৰ দ্বিতীয়খন কোৱালিফায়াৰ খেলত ৰাজস্থান ৰয়েলছক ৩৬ ৰানত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰাৰ বিপৰীতে কলকাতা নাইট ৰাইডাৰ্ছে প্ৰথমখন কোৱালিফায়াৰ খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদক পৰাভূত কৰি ফাইনেলত স্থান নিশ্চিত কৰিছে।