আই পি এল ক্রিকেট প্রতিযোগিতাত আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত আজি চেন্নাই ছুপাৰ কিংছে গুজৰাট টাইটানছক ৮৩ ৰানত পৰাস্ত কৰে। প্ৰথমে বেটিং আৰম্ভ কৰি চেন্নাই ছুপাৰ কিংছে গুজৰাট টাইটানছক জয়ৰ বাবে ২৩১ ৰান লক্ষ্য নিৰ্ধাৰণ কৰি দিছিল। নিৰ্ধাৰিত লক্ষ্য অনুসৰণ কৰি গুজৰাট টাইটানছে ১৮ অভাৰ তিনিটা বলত আটাইকেইটা উইকেট হেৰুৱাই ১৪৭ ৰানহে কৰিবলৈ সক্ষম হয়।
আনহাতে কিছুসময়ৰ পিছতে দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত হ’বলগীয়া দ্বিতীয়খন খেলত ছান ৰাইজাৰ্ছ হায়দৰাবাদ কলকাতা নাইট ৰাইডাৰ্ছৰ সন্মুখীন হ’ব।
Site Admin | May 25, 2025 8:28 PM | IPL 2025
আই পি এল ক্রিকেট প্রতিযোগিতাত চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে গুজৰাট টাইটানছ ৮৩ ৰানত পৰাস্ত
