ডাউনলোড
মোবাইল এপ

android apple
signal

আই পি এল ক্রিকেট প্রতিযোগিতাত চেন্নাই ছুপাৰ কিংছক ৫ উইকেটত পৰাস্ত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ

আই পি এল ক্রিকেট প্রতিযোগিতাত কালি নিশা চেন্নাইৰ এম এ চিডাম্বৰম ষ্টেডিয়ামত হোৱা এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদে চেন্নাই ছুপাৰ কিংছক ৫ উইকেটত পৰাস্ত কৰে। ১৫৫ ৰানৰ বিজয় লক্ষ্যৰে খেলিবলৈ লোৱা ছানৰাইজাৰ্ছ হায়দৰাবাদে ১৮ অভাৰ আৰু ৪ টা বলতেই ৫ টা উইকেট হেৰুৱাই বিজয় লক্ষ্য অতিক্ৰম কৰে। হায়দৰাবাদৰ হৈ ঈষাণ কিষানে ৩৪ টা বলত ৪৪ ৰান কৰে। চেন্নাইৰ হৈ নুৰ আহমেদে দুটা উইকেট দখল কৰে। ইয়াৰ পূৰ্বে চেন্নাই ছুপাৰ কিংছে প্রথমে বেট ধৰি নিৰ্ধাৰিত অভাৰ শেষ হ’বলৈ এটা বল বাকী থকা অৱস্থাত আটাইকেইটা উইকেট হেৰুৱাই ১৫৪ ৰান কৰে। চেন্নাইৰ হৈ দেৱাল্ড ব্ৰেভিছে ২৫ টা বলত ৪২ ৰানৰ উল্লেখযোগ্য বৰঙণি আগবঢ়ায়। হায়দৰাবাদৰ হৰ্ষল পেটেলে ৪ টা উইকেট দখল কৰে। হৰ্ষলক প্লেয়াৰ অব দ্যা মেচ ঘোষণা কৰা হয় ।

প্ৰতিযোগিতাত আজি সন্ধিয়া চাৰে সাত বজাত ইডেন গার্ডেনছত হ’বলগীয়া এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছ পাঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব।

অধিক পঢ়ক

সকলো চাওক