ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

আই পি এল ক্রিকেট প্রতিযোগিতাৰ এখন খেলত পাঞ্জাব কিংছক ৫০ ৰানত পৰাস্ত ৰাজস্থান ৰয়েলছৰ

ৰাজস্থান ৰয়েলছে যোৱা নিশা চণ্ডীগড়ত অনুষ্ঠিত আই পি এল ক্রিকেট প্রতিযোগিতাৰ এখন খেলত পাঞ্জাব কিংছক ৫০ ৰানত পৰাস্ত কৰে। খেলখনত ৰাজস্থান ৰয়েলছে প্রথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৪টা উইকেট হেৰুৱাই ২০৫ ৰান কৰে। ৰাজস্থানৰ হৈ যশস্বী জয়ছোৱালে ৬৭ ৰানৰ বৰঙণি আগবঢ়ায় আৰু ৰিয়ান পৰাগে ৪৩ ৰান কৰি আউট নোহোৱাকৈ থাকে। পাঞ্জাবৰ লাকী ফাৰ্গুছনে ২টা উইকেট দখল কৰে । প্ৰত্যুত্তৰত পাঞ্জাব কিংছে ২০ অভাৰত ৯ টা উইকেট হেৰুৱাই ১৫৫ ৰানহে কৰিবলৈ সমৰ্থ হয়। পাঞ্জাব কিংছৰ হৈ নেহল ৱাধেৰাই ৬২ ৰান কৰে। ৰাজস্থানৰ হৈ জোফ্ৰা আৰ্ছাৰে ৩টা উইকেট লাভ কৰে। আৰ্ছাৰক প্লেয়াৰ অব দ্যা মেচ হিচাপে ঘোষণা কৰা হয় ৷ ইয়াৰ পূৰ্বে চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত দেলহী কেপিটেলছে- চেন্নাই ছুপাৰ কিংছক ২৫ ৰানত পৰাস্ত কৰে। চেন্নাই ছুপাৰ কিংছে ১৮৪ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ২০ অভাৰত ৫ উইকেটৰ বিনিময়ত ১৫৮ ৰানহে কৰিবলৈ সমৰ্থ হয়। ইয়াৰ আগেয়ে দেলহী কেপিটেলছে টছত জিকি প্রথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত ২০ অভাৰত ৬ টা উইকেট হেৰুৱাই ১৮৩ ৰান সংগ্ৰহ কৰে। প্ৰতিযোগিতাত আজি হায়দৰাবাদত হ’বলগীয়া এখন খেলত গুজৰাট টাইটানছ্ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। খেলখন সন্ধিয়া চাৰে সাত বজাত আৰম্ভ হ’ব। গুজৰাটে বৰ্তমানলৈ খেলা তিনিখন খেলৰ দুখনত জয়লাভ কৰি প্ৰতিযোগিতাৰ পইণ্ট তালিকাত তৃতীয় স্থান আছে। হায়দৰাবাদে ৪ খন খেলৰ ভিতৰত এখন খেল জয়লাভ কৰি পইণ্ট তালিকাৰ একেবাৰে শেষত আছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।