ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

April 7, 2024 1:18 PM | IPL 2024

printer

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি  দেলহি কেপিটেলছ মুম্বাই ইণ্ডিয়ানছ আৰু লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ গুজৰাট টাইটানছৰ মুখামুখি

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি দুখন খেল অনুষ্ঠিত হ’ব। ইয়াৰে বিয়লি চাৰে ৩ বজাত মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত হ’বলগীয়া প্ৰথমখন খেলত দেলহি কেপিটেলছ মুম্বাই ইণ্ডিয়ানছৰ সন্মুখীন হ’ব। আনহাতে সন্ধিয়া চাৰে ৭ বজাত লক্ষ্ণৌৰ অটল বিহাৰী বাজপেয়ী একানা ক্রিকেট ষ্টেডিয়ামত হ’বলগীয়া দ্বিতীয়খন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ গুজৰাট টাইটানছৰ মুখামুখি হ’ব। ইপিনে, ৰাজস্থান ৰয়েলছে যোৱা নিশা জয়পুৰৰ ছৱাই মানসিং ষ্টেডিয়ামত অনুষ্ঠিত আই পি এল ক্রিকেট প্রতিযোগিতাৰ এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুক ৬ উইকেটত পৰাস্ত কৰে। ৰাজস্থান ৰয়েলছে ১৮৪ বানৰ বিজয় লক্ষ্যৰে খেলা আৰম্ভ কৰি ১৯ অভাৰ আৰু এটা বলত ৪টা উইকেট হেৰুৱাই ১৮৯ ৰান সংগ্ৰহ কৰে। ৰাজস্থানৰ হৈ জছ বাটলাৰে অপৰাজিত শতক অৰ্জন কৰে আৰু সঞ্জু ছেমছনে ৬৯ ৰানৰ গুৰুত্বপূৰ্ণ বৰঙণি আগবঢ়ায়। ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিছ টপলে দুটা উইকেট দখল কৰে। ইয়াৰ পূৰ্বে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুই প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৩ উইকেটৰ বিনিময়ত ১৮৩ বান কৰে। বেংগালুকৰ হৈ বিৰাট কোহলিয়ে ১১৩ বান কৰাৰ বিপৰীতে অধিনায়ক ডু প্লেছিছে ৪৪ ৰানৰ বৰঙণি আগবঢ়ায়। ৰাজস্থান ৰয়েলছৰ য়ুজবেন্দ্র চহালে দুটা উইকেট লাভ কৰে। ৰাজস্থান ৰয়েলছৰ জছ বাটলাৰক প্লেয়াৰ অৱ দা মেচ হিচাপে ঘোষণা কৰা হয় ৷