ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

April 16, 2025 1:56 PM | IPL 2025

printer

আই পি এল ক্রিকেটঃ ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব ডেলহি কেপিটেলছ

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি নতুন দিল্লীত হবলগীয়া এখন খেলত ডেলহি কেপিটেলছ, ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। খেলখন সন্ধিয়া ৭ঃ৩০ বজাত আৰম্ভ হ’ব। প্রতিযোগিতাত কালি পঞ্জাব কিংছে কলকাতা নাইট ৰাইডাৰ্ছক ১৬ ৰানত পৰাস্ত কৰে। খেলখনত কলকাতাই ১১২ ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৫ অভাৰ আৰু এটা বলত আটাইকেইটা উইকেট হেৰুৱাই ৯৫ ৰানহে কৰিবলৈ সমৰ্থ হয়। ইয়াৰ পূৰ্বে পঞ্জাবে প্রথমে বেট ধৰাৰ সিদ্ধান্ত লৈ ১৫ অভাৰত ৩টা বলত আটাইকেইটা উইকেট হেৰুৱাই ১১১ ৰান কৰিবলৈ সমৰ্থ হয়।