ডাউনলোড
মোবাইল এপ

android apple
signal

April 27, 2025 11:42 AM | IPL 2025

printer

আই পি এল ক্রিকেটঃ পাঞ্জাব কিংছ আৰু কলকাতা নাইট ৰাইডাৰ্ছ মাজত অনুষ্ঠিত খেল বৰষুণৰ বাবে পৰিত্যক্ত ঘোষণা

আই পি এল ক্রিকেট প্রতিযোগিতাত যোৱা নিশা কলকাতাৰ ইডেন গার্ডেনছত পাঞ্জাব কিংছ আৰু কলকাতা নাইট ৰাইডাৰ্ছ মাজত অনুষ্ঠিত খেলখন বৰষুণৰ বাবে পৰিত্যক্ত ঘোষণা কৰা হয়। কলকাতা নাইট ৰাইডাৰ্ছে ২০২ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি এক অভাৰত এটাও উইকেট নেহেৰুওৱাকৈ ৭ ৰান সংগ্ৰ কৰা অৱস্থাত বৰষুণে খেলখনত বিধিপথালি দিয়ে। ইয়াৰ পূৰ্বে পাঞ্জাব কিংছে টছত জিকি প্রথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত ২০ অভাৰত ৪ টা উইকেটৰ বিনিময়ত ২০১ ৰান সংগ্ৰহ কৰে। পাঞ্জাবৰ হৈ প্ৰিয়ান্স আৰ্যই ৬৯ আৰু প্ৰভছিমৰন সিঙে ৮৩ ৰানৰ বৰঙণি আগবঢ়ায়। কলকাতাৰ বৈভৱ আৰোৰাই দুটা উইকেট দখল কৰে। পাঞ্জাব কিংছে বৰ্তমানলৈকে ৯ খন খেলৰ পৰা ১১ পইণ্ট লাভ কৰি প্রতিযোগিতাৰ পইণ্ট তালিকাৰ চতুৰ্থ স্থানত আছে। কলকাতা নাইটৰাডাৰ্ছ সমসংখ্যক খেলৰ পৰা ৭ পইণ্ট অৰ্জন কৰি সপ্তম স্থানত আছে।
প্রতিযোগিতাত আজি দুখন খেল অনুষ্ঠিত হ’ব। মুম্বাইত বিয়লি চাৰে তিনি বজাত হ’বলগীয়া প্ৰথমখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্ট মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। সন্ধিয়া চাৰে সাত বজাত দিল্লীত হ’বলগীয়া আজিৰ দ্বিতীয়খন খেলত ডেলহী কেপিটেলছ ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰুৰ সন্মুখীন হ’ব।

অধিক পঢ়ক

সকলো চাওক