May 28, 2025 9:33 PM | IPL

printer

আই পি এলৰ কাইলৈ প্ৰথমখন কোৱালিফায়াৰত ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰু বনাম পঞ্জাব কিংছ

আই পি এল ক্রিকেট প্রতিযোগিতাত কাইলৈ প্ৰথমখন কোৱালিফায়াৰ খেলত ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰু, পঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। এই খেলখনত জয়লাভ কৰা দলটোৱে পোনে পোনে ফাইনেলত প্ৰবেশ কৰিব। পৰাজিত দলটোৱে ফাইনেলত স্থান নিশ্চিত কৰাৰ আৰু এটা সুযোগ লাভ কৰিব।
প্রতিযোগিতাৰ পইণ্ট তালিকাত তৃতীয় স্থানত থকা গুজৰাট টাইটানছ অহা শুকুৰবাৰে মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে এলিমিনেটৰ খেলাত অৱতীৰ্ণ হ’ব। এই খেলখনত জয়লাভ কৰা দলটো দ্বিতীয়খন কোৱালিফায়াৰত প্ৰথমখন কোৱালিফায়াৰত পৰাজিত দলটোৰ সন্মুখীন হ’ব।