আই পি এল ক্রিকেট প্রতিযোগিতাৰ যোৱা নিশা অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত গুজৰাট টাইটানছে দেলহী কেপিটেলছক ১০ উইকেটত পৰাস্ত কৰে। জয়ৰ বাবে ২০০ ৰানৰ লক্ষ্য অনুসৰণ কৰি গুজৰাটৰ অপেনিং যুটী ছাই সুদৰ্শন আৰু অধিনায়ক শুভমন গিলে দেলহী কেপিটেলছৰ বলিং আক্রমণ ধৰাশায়ী কৰি অপৰাজিত হৈ ৰয়। সুদৰ্শনৰ শতক আৰু শুভমন গিলৰ ৫৩টা বলত কৰা ৯৩ ৰানে গুজৰাটক খেলখন শেষ হ’বলৈ এটা অভাৰ বাকী থকা অৱস্থাতেই জয়ৰ সোৱাদ দিয়ে। ইয়াৰ পূৰ্বে প্ৰথমে বেট ধৰি দেলহী কেপিটেলছে নিৰ্ধাৰিত ২০ অভাৰত ৩টা উইকেটৰ বিনিময়ত ১৯৯ ৰান কৰে। অপেনাৰ কে এল ৰাহুল অপৰাজিত হৈ ৰয়। এই জয়ৰ লগে লগে গুজৰাট টাইটানছ পইণ্ট তালিকাৰ শীৰ্ষস্থানত উপনীত হোৱাৰ লগতে প্লে অফৰ বাবে যোগ্যতা অৰ্জন কৰে। ইতিমধ্যে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু আৰু পাঞ্জাব কিংছে প্লে অফত স্থান কৰিছে।
ইপিনে, ৰাজস্থানৰ ছাৱাই মানসিং স্টেডিয়ামত কালি অনুষ্ঠিত আন এখন খেলত পাঞ্জাব কিংছে ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে ১০ ৰাণত জয়লাভ কৰে। খেলখনত পাঞ্জাব কিংছে টছত জিকি প্রথমে বেট ধৰি নিৰ্ধাৰিত ২০ অভাৰত ৫টা উইকেটৰ বিনিময়ত ২১৯ ৰান সংগ্ৰহ কৰে। পাঞ্জাব কিংছৰ হৈ নেহাল ৱাধেৰাই সৰ্বাধিক ৭০ ৰান আৰু শশান্ত সিঙে ৫৯ ৰান কৰি অপৰাজিত হৈ ৰয়। প্ৰত্যুত্তৰত ৰাজস্থান ৰয়েলছে নিৰ্ধাৰিত অভাৰত ৭টা উইকেট হেৰুৱাই ২০৯ ৰানহে কৰিবলৈ সমৰ্থ হয়।
প্রতিযোগিতাত আজি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। লক্ষ্ণৌৰ ভাৰতৰত্ন শ্রীঅটল বিহাৰী বাজপেয়ী একানা ষ্টেডিয়ামত সন্ধিয়া চাৰে ৭ বজাত খেলখন আৰম্ভ হ’ব।
Site Admin | May 19, 2025 1:20 PM | IPL
আই পি এলত কালি গুজৰাট টাইটানছৰ হাতত ডেলহি কেপিটেলছ ১০ উইকেটত পৰাস্ত
