ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

April 22, 2024 5:55 PM | IPL 2024

printer

আই পি এলত আজি ৰাজস্থান ৰয়েলছ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱৰ্তীণ

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি জয়পুৰৰ ছৱাই মান সিং ষ্টেডিয়ামত হ’বলগীয়া খেলত ৰাজস্থান ৰয়েলছে মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে খেলিব। খেলখন সন্ধিয়া চাৰে ৭ বজাত অনুষ্ঠিত হ’ব। প্ৰতিযোগিতাত যোৱা নিশা চণ্ডিগড়ৰ মহাৰাজা যাদবীন্দ্ৰ সিং আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত খেলত গুজৰাট টাইটানছে পাঞ্জাব কিংছক ৩ উইকেটত পৰাস্ত কৰে। ইপিনে, কলকাতাৰ ইডেন গার্ডেনছত অনুষ্ঠিত কালিৰ প্ৰথমখন খেলত কলকাতা নাইট ৰাইডাৰ্ছে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুক ১ ৰানত পৰাস্ত কৰে ।