November 12, 2025 9:03 PM | ITF Tennis Competition

printer

আই টি এফ আন্তর্জাতিক টেনিছ প্রতিযোগিতাৰ একক তথা ডাবলছৰ সকলো শাখাৰ কাইলৈ চূড়ান্ত খেল

অসম টেনিছ সন্থাৰ উদ্যোগত গুৱাহাটীৰ চচলৰ টেনিছ প্রকল্পত চলি থকা আই টি এফ মাষ্টাৰ্ছ টি টু হান্ড্রেদ আন্তর্জাতিক টেনিছ প্রতিযোগিতাখনত পুৰুষ আৰু মহিলাৰ একক তথা ডাবলছৰ সকলো শাখাৰে চূড়ান্ত খেল কাইলৈ অনুষ্ঠিত হ’ব। প্রতিযোগিতাখনৰ সঞ্চালকৰ দায়িত্বত থকা অসম টেনিছ সন্থাৰ সম্পাদক অংকুশ দত্তই এই কথা সদৰি কৰে। পুৰুষৰ ৪৫ বছৰ উৰ্ধৰ একক শাখাত শ্লোকাভিয়াৰ পিটাৰ জাংকুস্কাৰ বিপৰীতে জার্মান খেলুৱৈ ডেনিয়েল জন ফাইনেলত অৱতীৰ্ণ হ’ব। আন্তঃৰাষ্ট্ৰীয় টেনিছ ফেডাৰেছনৰ বিশ্ব ৰেংকিঙৰ প্রতিযোগিতাখনৰ মহিলাৰ এককৰ ৫৫ বছৰ উৰ্ধৰ শাখাৰ অন্তিম লীগ মেচত আজি সুজাতা শর্মাই অনুসূয়া বৰাক পৰাস্ত কৰে। আনহাতে, ৪৫ বছৰ উৰ্ধৰ শাখাত পাৰমিতা গোহাই ৰায়-ছিলভিয়া জাংকুছকোভাক পৰাস্ত কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।