November 1, 2025 12:14 PM | ICC Cricket

printer

আই চি চি মহিলা বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত কাইলৈ ভাৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীর্ণ

আই চি চি মহিলা বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ ফাইনেলত কাইলৈ ভাৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীর্ণ হ’ব। খেলখন নবীমুম্বাইৰ ড০ ডি বাই পাটিল স্পোর্টছ একাডেমীৰ খেলপথাৰত বিয়লি ৩ বজাত আৰম্ভ হ’ব। ভাৰতে যোৱা বৃহস্পতিবাৰে দ্বিতীয়খন ছেমিফাইনেলত অস্ট্রেলিয়াক ৫ উইকেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। ইয়াৰ পূৰ্বে দক্ষিণ আফ্রিকাই গুৱাহাটীত অনুষ্ঠিত প্রথমখন ছেমি ফাইনেলত ইংলেণ্ডৰ বিৰুদ্ধে ১২৫ ৰানত জয় লাভ কৰি ফাইনেলত স্থান নিশ্চিত কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।