ডাউনলোড
মোবাইল এপ

android apple
signal

আই চি চি চেম্পিয়নছ ট্ৰফী ক্রিকেট প্রতিযোগিতাত নিউজিলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হব ভাৰত

ভাৰত আজি ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত হ’বলগীয়া আই চি চি চেম্পিয়নছ ট্ৰফী ক্রিকেট প্রতিযোগিতাৰ এখন খেলত নিউজিলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। খেলখন ভাৰতীয় সময় অনুসৰি দিনৰ আঢ়ৈ বজাত আৰম্ভ হ’ব। দুয়োটা দলে ইতিমধ্যে গ্ৰুপ এৰ পৰা ছেমিফাইনেলত স্থান নিশ্চিত কৰিছে। আজিৰ খেলখনত জয়লাভ কৰা দলটোৱে গ্ৰুপ এৰ পইণ্ট তালিকাত শীর্ষ স্থান লাভ কৰিব আৰু মঙলবাৰে ছেমিফাইনেলত অষ্ট্ৰেলিয়াৰ সন্মুখীন হ’ব। পৰাজিত দলটো বুধবাৰে ছেমিফাইনেলত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। দক্ষিণ আফ্রিকাই যোৱা নিশা কৰাচীত অনুষ্ঠিত গ্রুপ বিৰ লীগ পর্যাৰ অন্তিমখন খেলত ইংলেণ্ডক ৭ উইকেটত পৰাস্ত কৰি ছেমিফাইনেলত স্থান নিশ্চিত কৰে। এই জয়ৰ সুবাদত দক্ষিণ আফ্রিকাই অকল ফাইনেলত প্রৱেশ কৰাই নহয়, বৰং গ্রুপ বিৰ পইণ্ট তালিকাতো শীৰ্ষ স্থান দখল কৰে। ইয়াৰ পূৰ্বে ইংলেণ্ডে টছত জিকি প্রথমে বেট ধৰাৰ সিদ্ধান্ত লৈ আৰম্ভণিৰে পৰাই সংঘৰ্ষ কৰিবলগীয়া হয়। খেলখনৰ প্ৰথম অভাৰৰ অন্তিমটো বলত অপেনাৰ ফিলিপ ছল্ট আউট হয় আৰু ইয়াৰ পাছৰে পৰা দলটোৱে নিয়মীয়া ব্যৱধানত উইকেট হেৰুৱালৈ লয়। ইংলেণ্ডৰ হৈ জ’ৰুটে সৰ্বাধিক ৩৭ ৰান কৰে। দক্ষিণ আফ্ৰিকাৰ মাৰ্কো জেনছেন আৰু ৱিয়ান মাল্ডাৰে তিনিটাকৈ উইকেট দখল কৰে। ইংলেণ্ডে ৩৮ অভাৰ আৰু ২ টা বলত আটাইকেইটা উইকেট হেৰুৱাই ১৭৯ ৰান কৰে। প্ৰত্যুত্তৰত দক্ষিণ আফ্ৰিকাই ২৯ অভাৰ আৰু এটা বলত ৩ টা উইকেটৰ বিনিময়ত ১৮১ ৰান কৰে।

অধিক পঢ়ক

সকলো চাওক