ডাউনলোড
মোবাইল এপ

android apple
signal

আই এছ এছ এফ বিশ্বকাপ ২০২৫ ত অংশগ্ৰহণৰ ৪৩ জনীয়া ভাৰতীয় শ্বুটিঙৰ দলটোক শ্বুটাৰ মনু ভাকৰে নেতৃত্ব দিব

আৰ্জেণ্টিনাৰ ব্যুনছ আয়াৰত কাইলৈ হ’বলগীয়া আই এছ এছ এফ বিশ্বকাপ ২০২৫ ত অংশগ্ৰহণৰ বাবে ৪৩ জনীয়া ভাৰতীয় শ্বুটিঙৰ দলটোক শ্বুটাৰ মনু ভাকৰে নেতৃত্ব দিব। প্রতিযোগিতাৰ উদ্বোধনী অনুষ্ঠান আজি অনুষ্ঠিত হ’ব। এই প্রতিযোগিতাত খেলুৱৈসকলে ৰাইফল, পিষ্টল আৰু শটগান শাখাত প্রতিদ্বন্দিতা আগবঢ়াব। এইবছৰৰ আই এছ এছ এফ বিশ্বকাপত ৪৫ খন দেশৰ ৪০০ শতকৈও অধিক শ্লুটাৰে অংশগ্ৰহণ কৰিছে। ৪৩ জনীয়া শুটাৰেৰে ভাৰতীয় দলটো প্ৰতিযোগিতাৰ আটাইতকৈ বৃহৎ দল আৰু ৩৯ গৰাকী খেলুৱৈৰে চীনৰ দলটো দ্বিতীয বৃহৎ দল হিচাপে পৰিগণিত হৈছে। আয়োজক দেশ আৰ্জেণ্টিনা ৩৮ গৰাকী খেলুৱৈৰে তৃতীয় বৃহৎ দল হিচাপে পৰিগণিত হৈছে। কাজাখস্তানৰ দলটোত ২৯ জন এথলেট আছে। ভাৰতীয় দলটোৰ মনু ভাকৰে পিষ্টল শাখাত আৰু সৌৰভ চৌধুৰীয়ে পুৰুষৰ পিষ্টল দলত অংশগ্ৰহণ কৰিব। আনিশ ভানৱালা, বিজয়বীৰ সিন্ধু, ইশা সেন, ঐশ্বৰ্য্য প্ৰতাপ সিং টোমৰ, ছিফট কৌৰ চম্ৰা, অর্জুন বাবুতা, পৃথৱীৰাজ তদিমেন, অনন্তজিত সিং নাৰুকা আৰু ৰায়জা ধিলনৰ লগতে ২০২৪ বৰ্ষৰ পেৰিছ অলিম্পিকত ভাগ লোৱা খেলুৱৈসকলেও এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব।

অধিক পঢ়ক

সকলো চাওক