ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান আই আই টি গুৱাহাটীৰ গৱেষকৰ এটা দলে বাম্বুচা টুল্ডা নামৰ বাঁহৰ এটা বিশেষ প্রজাতি ব্যৱহাৰ কৰি পৰিৱেশ অনুকুল কম্পোজিত মেটেৰিয়েল অর্থাৎ সংমিশ্রিত পদার্থ প্রস্তুত কৰিছে। উত্তৰ-পূব ভাৰতৰ আৰ্দ্ৰ আৰু উষ্ণ পৰিৱেশত দ্ৰুতগতিত বৃদ্ধি পোৱা বাঁহৰ প্ৰজাতিটো জৈৱ বিঘ্নিত পলিমাৰৰ সৈতে সংযোগ কৰি এই সংমিশ্রিত পদাৰ্থবিধ তৈয়াৰ কৰা হৈছে। উচ্চ শক্তিসম্পন্ন আৰু তাপৰ স্থিতাযুক্ত এই নতুনকৈ আৱিষ্কৃত পদাৰ্থবিধ কমকৈ আর্দ্রতা শোষণ কৰাৰ লগতে উৎপাদন ব্যয় কম হোৱাৰ কাৰণে সাধাৰণ প্লাষ্টিকৰ বিকল্প হিচাপে ব্যৱহাৰ হোৱাৰ সম্ভাৱনা আছে। যান্ত্ৰিক অভিযান্ত্ৰিক বিভাগৰ অধ্যাপক পুনম কুমাৰীৰ নেতৃত্বত সম্পন্ন হোৱা এই গৱেষণাই প্লাষ্টিক আৱৰ্জনা সমস্যাৰ সমাধান কৰাৰ ক্ষেত্ৰত ফলপ্রসূভাৱে কাম কৰিব বুলি আশা কৰা হৈছে। ইতিমধ্যে আই আই টি গুৱাহাটীৰ গৱেষকসকলে জৈৱ ভিত্তিক বা পেট্র’লিয়াম ভিত্তিক ইপক্সিৰে শক্তিশালী কৰা বাম্বুচা টুন্ডা বাঁহবিধৰ বিশেষ সংযোগী পৰীক্ষা সম্পন্ন কৰিছে। এই সংমিশ্রিত পদার্থবিধ উন্নত বৈদ্যুতিক পদার্থ, যান-বাহন, বিমান, বহনক্ষম নির্মাণ সামগ্ৰী ইত্যাদিৰ উৎপাদন আৰু অংশ নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰা হ’ব। কাঠ, লোহা আৰু প্লাষ্টিকৰ বিকল্প এই পদাৰ্থবিধৰ নির্মাণ ব্যয়ো অতি কম হ’ব বুলি অধ্যাপক পুনম কুমাৰীয়ে জানিবলৈ দিছে। সম্প্ৰতি শৈক্ষিক আৰু গৱেষণা প্রতিষ্ঠানটোৱে নব্য বিকশিত পদাৰ্থবিধৰ জীৱনচক্ৰৰ মূল্যায়ন কৰি আছে।
Site Admin | July 24, 2025 6:37 PM | Akashvani News | IIT | IIT Guwahati
আই আই টি গুৱাহাটীৰ গৱেষক দলৰ বাম্বুচা টুল্ডা নামৰ বাঁহৰ বিশেষ প্রজাতি ব্যৱহাৰেৰে পৰিৱেশ অনুকুল কম্পোজিত মেটেৰিয়েল অর্থাৎ সংমিশ্রিত পদার্থ প্রস্তুত
