ভাৰতীয় প্ৰযুক্তিবিদ্যা প্রতিষ্ঠান – আই আই টি গুৱাহাটীৰ আজি ২৭ সংখ্যক সমাৱৰ্তন অনুষ্ঠিত হয়। সমাৱৰ্তন অনুষ্ঠানত মুখ্য অতিথি হিচাপে আমেৰিকাৰ ক্লেনচন বিশ্ববিদ্যালয়ৰ বৈদ্যুতিক আৰু কম্পিউটাৰ অভিযন্তা বিভাগৰ দি হাউচাৰ বেংকছৰ অধ্যাপক ড° ৰাজেন্দ্ৰ সিং আৰু সন্মানীয় অতিথি হিচাপে ইণ্ডিয়ান নেচনেল একাডেমী অৱ ইঞ্জিনিয়াৰিংছৰ অধ্যক্ষ জে দি পার্টিল উপস্থিত থাকে। আই আই টি গুৱাহাটীৰ ড০ ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত আয়োজিত সমাৱৰ্তনত এইবেলি মুঠ ২ হেজাৰ ৯৩ গৰাকী শিক্ষাৰ্থীক ডিগ্রী প্রদান কৰা হয়। সমাৱৰ্তনত এহেজাৰ ৫ গৰাকীক স্নাতক, ৮১৮ গৰাকীক স্নাতকোত্তৰ আৰু ২৭০ গৰাকীক পি এইচ ডি ডিগ্ৰী প্ৰদান কৰা হয়। স্নাতক আৰু স্নাতকোত্তৰ দুয়োটা শাখাৰ বাবে ৰাষ্ট্ৰপতিৰ স্বৰ্ণ পদক, ড০ শংকৰ দয়াল শৰ্মা স্বৰ্ণ পদক আৰু অসমৰ ৰাজ্যপালৰ স্বৰ্ণ পদককে ধৰি ৪টা স্বর্ণ পদক প্ৰদান কৰা হয়।
Site Admin | July 13, 2025 8:07 PM | IIT Convocation
আই আই টি গুৱাহাটীৰ আজি ২৭ সংখ্যক সমাৱৰ্তন