প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত উচ্চতম ন্যায়ালয়ত আয়োজিত আইনী সাহায্য ব্যৱস্থা শক্তিশালী কৰাৰ বিষয় সন্দৰ্ভত ৰাষ্ট্ৰীয় সন্মিলন মুকলি কৰে। প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় ন্যায়িক সেৱা প্ৰাধীকৰণ চমুকৈ নালচাই প্রস্তুত কৰা সমূহীয়া ধ্যান প্রশিক্ষণ পাঠ্যক্রমো মুকলি কৰে। অনুষ্ঠানত ভাষণ দি প্রধানমন্ত্রী কয়, যে সামাজিক আৰু বিত্তিয় পৃষ্ঠভূমি নির্বিশেষে প্রত্যেকে ন্যায় লাভ কৰিলেহে সামাজিক ন্যায় সুনিশ্চিত কৰিব পৰা যাব। তেওঁ লগতে স্থানীয় ভাষাত আইনী নথি উপলব্ধ কৰোৱাৰ বিষয়ত গুৰুত্ব আৰোপ কৰে। ন্যায় ব্যৱস্থাটো অধিক সূচল কৰি তোলাৰ বাবে চৰকাৰে যোৱা কেইটামান বছৰত ভালেমান ব্যবস্থা গ্রহণ কৰিছে বুলি শ্রী মোদীয়ে মন্তব্য কৰে। তেওঁ কয়, যে চৰকাৰে আইনী সজাগতা সৃষ্টিত গুৰুত্ব আৰোপ কৰি আহিছে। সমাৱেশত অংশগ্ৰহণ কৰি আইন আৰু ন্যায় মন্ত্রী অর্জুন ৰাম মেঘৱালে কয়, যে ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধীকৰণে নাগৰিকসকলক প্ৰয়োজনৰ সময়ত আইনী সাহায্য আৰু সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত একেবাৰে শেষৰজন ব্যাক্তিৰ বাবেও ন্যায় সহজলভ্য কৰি তোলাৰ উদ্দেশ্যে দেশত টেলী এন্ড লিগেল ছার্ভিছ অর্থাৎ দূৰ সংযোগ ব্যৱস্থাৰে আইনী সেৱাৰ লেখীয়া উদ্যম ৰূপায়ণ কৰা হৈছে বুলি শ্রী মেঘৱালে মন্তব্য কৰে। মন্ত্ৰীগৰাকীয়ে কয়, যে ২০১৭ চনত আৰম্ভকৰা এই ব্যৱস্থাৰ অধীনত সমগ্ৰ দেশৰ এক কোটিতকৈও অধিক হিতাধিকাৰীয়ে মোকৰ্দমাৰ পূৰ্বে পৰামৰ্শ লাভ কৰিছে। তেওঁ লগতে কয়, যে ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকৰণৰ অধীনত আইনী সাহায্যৰ কামকাজৰ বাবে বাজেটত ধায্য কৰা ধন চলিত বিত্তীয় বৰ্ষত চাৰিশ কোটি টকালৈ বৃদ্ধি কৰা হৈছে।
Site Admin | November 8, 2025 8:52 PM | SC Act Summit
আইনী সাহায্য ব্যৱস্থা শক্তিশালী কৰাৰ বিষয় সন্দৰ্ভত ৰাষ্ট্ৰীয় সন্মিলন মুকলি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ