ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

November 15, 2024 7:55 PM | AITA Tennis

printer

আইটা চেম্পিয়নশ্বিপ ছিৰিজ টেনিছৰ ১৪ বছৰ অনূধ্বৰ্ৰ ডাবলছত অসমৰ ফাগুন জ্যোতিৰ খিতাপ লাভ

অসমৰ প্ৰতিভাবান টেনিছ খেলুৱৈ ফাগুন জ্যোতিয়ে ৰাষ্ট্ৰীয় ৰেংকিং প্ৰতিযোগিতা আইটা চেম্পিয়নশ্বিপ ছিৰিজ টেনিছত ছোৱালীৰ ১৪ বছৰ অনূধ্বৰ্ৰ ডাবলছৰ খিতাপ লাভ কৰাৰ বিপৰীতে ১২ বছৰ অনূধ্বৰ্ৰ একক শাখাত ৰানাৰ্ছ আপ হৈছে৷ হাৰিয়ানা ৰোহটকত অনুষ্ঠিত প্ৰতিযোগিতাখনত সদৌ অসম টেনিছ সন্থাৰ প্ৰশিক্ষাৰ্থী তথা গুৱাহাটীৰ হলি চাইল্ড স্কুলৰ ছাত্ৰী ফাগুন জ্যোতিয়ে ১৪ বছৰ অনূধ্বৰ্ৰ ডাবলছৰ ফাইনেলত হাৰিয়ানাৰ আৰাধনা তেহলানৰ সৈতে যুটি বান্ধি ৬-১,৬-০ ৰ ব্যৱধানত পৰাস্ত কৰে দিল্লীৰ ইৰা চৌধুৰী আৰু তেলেংগানাৰ ছামিয়াৰা জৈনক৷ ইফালে, ১২ বছৰ অনূধ্বৰ্ৰ একক শাখাৰ ফাইনেলত দিল্লীৰ ইৰা চৌধুৰীৰ বিৰুদ্ধে ৬-২-,৬-২ ৰ পোনপটিয়া ছেটত পৰাস্ত হয় ফাগুন৷ অসম টেনিছ সন্থাৰ সম্পাদক অংকুশ দত্তই ফাগুন জ্যোতিক এই সফলতাৰ বাবে অভিনন্দন জনাইছে৷ ধাৰাবাহিক ৰূপত ৰাষ্ট্ৰীয় তথা ৰাজ্যিক প্ৰতিযোগিতাত কেবাটাও খিতাপ জয় কৰা ফাগুন জ্যোতিয়ে অলপতে নিজৰ বিদ্যালয়ক প্ৰতিনিধিত্ব কৰি চি বি এছ চিৰ প্ৰতিযোগিতাত ৰূপ লাভ কৰিছিল৷

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।