November 26, 2025 12:11 PM | ICC world cup

printer

আইচিচিৰ ২০২৬ৰ পুৰুষৰ টি-২০ বিশ্বকাপ সম্পূৰ্ণ সূচী ঘোষণা

আন্তঃৰাষ্ট্ৰীয় ক্রিকেট পৰিষদ আইচিচিয়ে পুৰুষৰ টি-২০ বিশ্বকাপ ২০২৬ৰ সম্পূৰ্ণ সূচী ঘোষণা কৰিছে। ভাৰত আৰু শ্ৰীলংকাই দ্বিতীয়বাৰলৈ যৌথভাৱে আয়োজন কৰা প্রতিযোগিতাখন অহা বৰ্ষৰ ৭ ফেব্ৰুৱাৰীত আৰম্ভ হ’ব।  ১৫ ফেব্ৰুৱাৰীত কলম্বোৰ আৰ প্ৰেমদাছা ষ্টেডিয়ামত ভাৰত আৰু পাকিস্তানৰ মাজত খেল অনুষ্ঠিত হ’ব। পাকিস্তানে তেওঁলোকৰ সকলো খেল শ্রীলংকাত খেলিব।
২০২৬ চনৰ টি-২০ বিশ্বকাপত ২০টা দলে অংশগ্ৰহণ কৰিব আৰু দলকেইটাক চাৰিটা গ্ৰুপত ৰখা হৈছে। ভাৰতক গ্ৰুপ এ’ত চিৰ প্ৰতিদ্বন্দ্বী পাকিস্তান, নেদাৰলেণ্ড, নামিবিয়া আৰু আমেৰিকাৰ সৈতে স্থান দিয়া হৈছে। উল্লেখযোগ্য যে, টি-২০ বিশ্বকাপ বিজয়ী অধিনায়ক ৰোহিত শৰ্মাক এই টি-২০ বিশ্বকাপ ২০২৬ৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপে নিযুক্তি দিয়া হৈছে।