অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায় ৰূপায়ণৰ সকলো ব্যৱস্থা সম্পূৰ্ণ

● বুনিয়াদী অর্থনীতি সবলীকৰণেৰে ৰাজ্যক প্ৰগতিৰ দিশত লৈ যোৱাৰ লক্ষ্যৰে অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায় ৰূপায়ণৰ সকলো ব্যৱস্থা সম্পূৰ্ণ কৰা হৈছে। আজি গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত অৰুণোদয়ৰ তৃতীয় পৰ্যায়ৰ শুভাৰম্ভণী অনুষ্ঠান অনুষ্ঠিত হ’ব। অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। ৰাজ্যৰ ২৫ হাজাৰৰো অধিক স্থানত কাইলৈ এই অনুষ্ঠানৰ আয়োজন কৰা হ’ব। এই আঁচনিৰ অধীনত ৩৮ লাখৰো অধিক পৰিয়ালক অন্তৰ্ভুক্ত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে বিটিআৰৰ জিলাসমূহৰ বাহিৰে ৰাজ্যৰ সকলো জিলাৰ আয়ুক্ত সকলক অৰুণোদয় আঁচনিৰ ৰূপায়ণৰ কাম যথাযথভাৱে সম্পন্ন কৰিবলৈ নিৰ্দেশ দিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।